গোলাঘাটৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী মটৰ চাইকেলৰ খুণ্ডাত গুৰুত্বৰভাৱে আহত এজন ৷

মঙ্গলবাৰে ৰঙাজান কুমাৰপট্টিৰ বাসিন্দা জৰিন খান ৩৯ নং ঘাইপথটো পাৰ হোৱাৰ মূহুৰ্তত বিপক্ষৰ দিশৰ পৰা তীব্ৰবেগত অহা AS 05P 8057 নম্বৰৰ পালচাৰ মটৰ চাইকেলৰ খুন্দাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। আহত লোকজনক ততাতয়াইকৈ স্থানীয় ৰাইজৰ সহযোগত ব্যক্তিজনক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ব্যক্তি জনৰ অৱস্থা অতি সংকট জনক হোৱাত চিকিৎসকে তেখেতক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে