তিনিচুকীয়াৰ এটা অসাধু ব্যৱসায়ী চক্ৰ‌ই  কাপোৰৰ ক'লা ব্যৱসায়  চলাই থকাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ পিছতে মঙ্গলবাৰে তিনিচুকীয়াৰ ৰেল ষ্টেচনত ৬ বস্তা অবৈধ কাপোৰ জব্দ কৰে   তিনিচুকীয়া আৰক্ষীয়ে  ।

আৰক্ষীয়ে জব্দ কৰা কাপোৰখিনি তিনিচুকীয়াৰ এটা অসাধু ব্যৱসায়ী চক্ৰ‌ই ৰেলযোগে কৰ ফাঁকিৰে অবৈধভাৱে বহি:ৰাজ্যৰ পৰা  তিনিচুকীয়ালৈ আনিছিল  বুলি জানিব পৰা গৈছে  ।

বহি:ৰাজ্যৰ পৰা ৰেলেৰে অবৈধভাৱে তিনিচুকীয়ালৈ অনাৰ পিছতে পুনৰ তিনিচুকীয়াৰ পৰা মৰিয়নিলৈ প্ৰেৰনৰ বাবে ৰেল ষ্টেচনত কাপোৰৰ বস্তা কেইটা মজুত ৰখাৰ সময়তে মঙ্গলবাৰে পুৱা জব্দ কৰি তিনিচুকীয়া সদৰ থানালৈ লৈ আহে তিনিচুকীয়া আৰক্ষীয়ে ।