ৱাশ্বিংটন, ০৮ আগষ্ট। আমেৰিকাৰ চিনেটে জলবায়ু বিধেয়কখনত অনুমোদন জনায়। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত এতিয়া ইয়াক ডেম’ক্ৰেটৰ নিয়ন্ত্ৰণত থকা সদনলৈ প্ৰেৰণ কৰা হ’ব। চলিত সপ্তাহত বিধায়কখন গৃহীত হোৱাৰ সম্ভাৱনা আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেনে চিনেটত প্ৰস্তাৱ আগবঢ়ায়। কেইমাহমানৰ পিছত আমেৰিকাত মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হ’ব। এনে সময়ত এই বিধেয়কখন গৃহীত হোৱাটো দেশত দীৰ্ঘদিন ধৰি বাকী থকা ঘৰুৱা অৰ্থনৈতিক কাৰ্যসূচীত এক ডাঙৰ মাইলৰ খুঁটি হ’ব।

ডেম’ক্ৰেটিক চিনেটৰ সংখ্যাগৰিষ্ঠ নেতা ছাক শ্বুমাৰে কয় যে এবছৰতকৈ অধিক কঠোৰ পৰিশ্ৰমৰ অন্তত চিনেটে ইতিহাস ৰচনা কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহত আমেৰিকাৰ সংসদৰ নিম্ন সদনে (প্ৰতিনিধি সভাই) দুহাজাৰ বিলিয়ন ডলাৰৰ এই বিধেয়কখন অনুমোদন কৰিছিল। সাংসদসকলে ২২০টা ভোটৰ বিপৰীতে ২১৩টা ভোটেৰে বিধেয়কখনত অনুমোদন জনায়। ইয়াৰ পৰা ইয়াক চিনেটলৈ (উচ্চ সদন) প্ৰেৰণ কৰা হৈছিল।

প্ৰতিনিধি সদনৰ অনুমোদন লাভ কৰাৰ পিছত ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে এই বিধেয়কখনে আমেৰিকাৰ শ্ৰমিক আৰু মধ্যবিত্ত শ্ৰেণীৰ জনসাধাৰণক পুনৰুজ্জীৱিত কৰি দেশৰ অৰ্থনীতিক পুনৰুদ্ধাৰৰ পথত লৈ যাবলৈ সক্ষম হ’ব। এই বিধেয়কখনেই হৈছে শেহতীয়া বছৰবোৰত আটাইতকৈ ব্যয়বহুল বিল। ইয়াত কৰ, স্বাস্থ্যসেৱা, পৰিৱেশ, শিক্ষা, গৃহ নিৰ্মাণ আদি নীতিসমূহ পুনৰ সংজ্ঞায়িত কৰা হৈছে।