শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ আত্মহত্যা। এই ঘটনা সংঘটিত হৈছে গোগামুখত 

*স্বাধীনতাৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ নোহোৱাৰ বাবে আত্মহত্যা শিক্ষকৰ*

##বৰদলনি শিক্ষাখণ্ডৰ অধীনৰ ৫০৩ নং আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেন বনিয়াৰ আত্মহত্যা 

##দীৰ্ঘদিন বিনাবেতনেৰে শিক্ষাদান কৰা শিক্ষক গৰাকীৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ গোগামুখ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে  

##অপ্ৰাদেশীকৃত বিদ্যালয়খনৰ শিক্ষকৰ এনে কাণ্ডত পৰিয়াল শোকত ভাগি পৰিছে। 

##১৯৪৬ চনতে স্থাপিত হোৱা বিদ্যালয়খনৰ স্থাপিত কালৰ পৰাই শিক্ষাদান কৰি আহিছিল ৰাজেন বনিয়াই। 

##পৰিয়ালৰ লোকে দাবী কৰে যে, বিদ্যালয় প্ৰাদেশিককীকৰণ নোহোৱাৰ বাবেই ৰাজেন বনিয়াই এনে চৰম সিদ্ধান্ত বাছি লয়। 

##শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ গোগামুখত চাঞ্চল্য সৃষ্টি কৰিছে। 

## বৰ্তমান আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰিক্ষাৰ ব্যৱস্থা কৰিছে মৃত ৰাজেন বনিয়াৰ মৃতদেহ।