চিচিবৰগাঁও মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰাক্তন ছাত্র-ছাত্ৰী সমাৰোহ ২০২২ সম্পন্নঃ ধেমাজি জিলাৰ বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান চিচিবৰগাঁও মহাবিদ্যালয়ত আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতেই দিনযোৰা বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হয় দৰ্শন বিভাগৰ প্ৰথম বাৰ্ষিক প্ৰাক্তন ছাত্র-ছাত্ৰী সমাৰোহ । মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰাক্তন সমাৰোহত খনিত পুৱা বৃক্ষৰোপণ কাৰ্যসূচীৰ অন্তত পৰিচালনা সমিতিৰ সভাপতি যোগেন ভূঞাই পতাকা উত্তোলন কৰে । ইয়াৰ পাছতে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভাস্কৰ চুতীয়াই প্ৰাচীৰ পত্ৰিকা " দৰ্শন জেউতি"উন্মোচন কৰে ।আনহাতে দৰ্শন বিভাগৰ মেধাৱী প্ৰয়াত ছাত্র সুমিত্ৰ ভূঞাৰ নামেৰে এটা গ্ৰন্থাগাৰো আজি মুকলি কৰে । ইয়াৰ পাছতেই অনুষ্ঠিত হয় প্ৰাক্তন-ছাত্র-ছাত্ৰী সকলৰ অন্তৰংগ আলাপ অনুষ্ঠান । এটি সমবেত সংগীতেৰে আৰম্ভ কৰা এই আলাপ অনুষ্ঠানৰ আঁত ধৰে দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক নৱ কুমাৰ শইকীয়া , ড০ মঞ্জু চুতীয়া , তৰুণ দত্তই । গীতে মাতে উপচি পৰা এই আলাপ অনুষ্ঠানত বিভিন্ন জনে অতীতক সুঁৱৰি মনৰ অনুভৱখিনি ব্যক্ত কৰে । উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন মঞ্চত কৰ্মৰত হৈ থকা দৰ্শন বিভাগৰ ছাত্র-ছাত্ৰী সকলে নিজৰ আপোন মহাবিদ্যালয়ৰ আপোন বিভাগটোত পুনৰ একত্ৰিত হোৱাৰ সুবিধা পাই আপোন পাহৰা হৈ আনন্দ মুখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয় । ইয়াৰ পাছতে প্ৰাক্তন ছাত্র ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় । সমাৰোহৰ সাধাৰণ সম্পাদক দুদুল চুতীয়া , তপন শইকীয়া ,পবিত্ৰ কলিতাই আঁত ধৰা এই সম্বৰ্ধনা কায্যসূচীত প্ৰায় ২৫০ গৰাকীক প্ৰাক্তন ছাত্র-ছাত্ৰীক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি স্মৃতি যুগমীয়া কৰি ৰখাৰ প্ৰয়াস কৰে। কণমানি শিল্পী লুইছ ভূঞাৰ আধুনিক নৃত্য কে আদি কৰি বহুকেইজন ছাত্র-ছাত্ৰীৰ গীত - মাত, নৃত্যৰে জীপাল কৰি তোলা এই অন্তৰংগ অনুষ্ঠানৰ পাছতে চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক নয়নমনি মহন্তয়ে উদ্বোধন কৰে সাংস্কৃতিক কায্যসূচী । তেখেতে এই মঞ্চ উদ্বোধনী ভাষণত জীৱন-দৰ্শন আৰু জীৱিকা আদিৰ ওপৰত অতি চমুকৈ তত্ত্বগধুৰ কথাৰে সকলোকে আকৃষ্ট কৰে । এটি দলীয় বিহু দলে বিহু পৰিবেশন কৰাৰ পাছতে আমন্ত্ৰিত শিল্পী আষ্টিয়ানা দিহীঙ্গীয়াৰ গীত পৰিবেশনে উপস্থিত সকলোকে আপ্লুত কৰে । এই সমাৰোহত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভাস্কৰ চুতীয়া, উপাধ্যক্ষ দিতুল লাহনকে আদি কৰি প্ৰতিটো বিভাগৰ অধ্যাপক-অধ্যাপিকা সকলে অংশগ্ৰহণ কৰাৰ লগতে অনাতাঁৰ শিল্পী চিৰন্তন ভূঞা, শিল্পী অজিত দত্ত , শিল্পী আষ্টিয়ানা দিহীঙ্গীয়াৰ পিতৃ-মাতৃ আদি কৰি বিভিন্ন প্ৰান্তৰ বহু কেইজন গন্যমান্য লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NDA Govt Formation Updates: विभागों के बंटवारे पर माथापच्ची जारी, NDA गठबंधन में किसे मिलेगा विभाग
NDA Govt Formation Updates: विभागों के बंटवारे पर माथापच्ची जारी, NDA गठबंधन में किसे मिलेगा विभाग
वाबळेवाडी शाळेतील विद्यार्थ्यांच्या परीसस्पर्श या काव्यसंग्रहाचे प्रकाशन*
- संपादक सचिन बेंडभर यांचा बालसाहित्याचा यशस्वी प्रयोग
वाबळेवाडी शाळेत स्वातंत्र्याच्या अमृतमहोत्सवानिमित्त घेण्यात आलेल्या केंद्र पातळीवरील स्पर्धेच्या...
दिल्ली-जयपुर ई-हाइवे पर ट्रायल रन शुरू, इलेक्ट्रिक बस-कारों के लिए चार्जिंग जोन
भारत में दिल्ली से जयपुर हाईवे को तेजी से ई-हाइवे में बदला जा रहा है. इसके लिए पूरे हाईवे पर...
किरोड़ी लाल मीणा ने सोशल मीडिया पर फिर लिखा कैबिनेट मिनिस्टर, क्या वापस लिया इस्तीफा?
किरोड़ी लाल मीणा ने सोशल मीडिया एकाउंट 'X' पर फिर कैबिनेट मंत्री लिखा है. मंत्री पद से इस्तीफा...