চিচিবৰগাঁও মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰাক্তন ছাত্র-ছাত্ৰী সমাৰোহ ২০২২ সম্পন্নঃ ধেমাজি জিলাৰ বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান চিচিবৰগাঁও মহাবিদ্যালয়ত আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতেই দিনযোৰা বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হয় দৰ্শন বিভাগৰ প্ৰথম বাৰ্ষিক প্ৰাক্তন ছাত্র-ছাত্ৰী সমাৰোহ । মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰাক্তন সমাৰোহত খনিত পুৱা বৃক্ষৰোপণ কাৰ্যসূচীৰ অন্তত পৰিচালনা সমিতিৰ সভাপতি যোগেন ভূঞাই পতাকা উত্তোলন কৰে । ইয়াৰ পাছতে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভাস্কৰ চুতীয়াই প্ৰাচীৰ পত্ৰিকা " দৰ্শন জেউতি"উন্মোচন কৰে ।আনহাতে দৰ্শন বিভাগৰ মেধাৱী প্ৰয়াত ছাত্র সুমিত্ৰ ভূঞাৰ নামেৰে এটা গ্ৰন্থাগাৰো আজি মুকলি কৰে । ইয়াৰ পাছতেই অনুষ্ঠিত হয় প্ৰাক্তন-ছাত্র-ছাত্ৰী সকলৰ অন্তৰংগ আলাপ অনুষ্ঠান । এটি সমবেত সংগীতেৰে আৰম্ভ কৰা এই আলাপ অনুষ্ঠানৰ আঁত ধৰে দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক নৱ কুমাৰ শইকীয়া , ড০ মঞ্জু চুতীয়া , তৰুণ দত্তই । গীতে মাতে উপচি পৰা এই আলাপ অনুষ্ঠানত বিভিন্ন জনে অতীতক সুঁৱৰি মনৰ অনুভৱখিনি ব্যক্ত কৰে । উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন মঞ্চত কৰ্মৰত হৈ থকা দৰ্শন বিভাগৰ ছাত্র-ছাত্ৰী সকলে নিজৰ আপোন মহাবিদ্যালয়ৰ আপোন বিভাগটোত পুনৰ একত্ৰিত হোৱাৰ সুবিধা পাই আপোন পাহৰা হৈ আনন্দ মুখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয় । ইয়াৰ পাছতে প্ৰাক্তন ছাত্র ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় । সমাৰোহৰ সাধাৰণ সম্পাদক দুদুল চুতীয়া , তপন শইকীয়া ,পবিত্ৰ কলিতাই আঁত ধৰা এই সম্বৰ্ধনা কায্যসূচীত প্ৰায় ২৫০ গৰাকীক প্ৰাক্তন ছাত্র-ছাত্ৰীক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি স্মৃতি যুগমীয়া কৰি ৰখাৰ প্ৰয়াস কৰে। কণমানি শিল্পী লুইছ ভূঞাৰ আধুনিক নৃত্য কে আদি কৰি বহুকেইজন ছাত্র-ছাত্ৰীৰ গীত - মাত, নৃত্যৰে জীপাল কৰি তোলা এই অন্তৰংগ অনুষ্ঠানৰ পাছতে চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক নয়নমনি মহন্তয়ে উদ্বোধন কৰে সাংস্কৃতিক কায্যসূচী । তেখেতে এই মঞ্চ উদ্বোধনী ভাষণত জীৱন-দৰ্শন আৰু জীৱিকা আদিৰ ওপৰত অতি চমুকৈ তত্ত্বগধুৰ কথাৰে সকলোকে আকৃষ্ট কৰে । এটি দলীয় বিহু দলে বিহু পৰিবেশন কৰাৰ পাছতে আমন্ত্ৰিত শিল্পী আষ্টিয়ানা দিহীঙ্গীয়াৰ গীত পৰিবেশনে উপস্থিত সকলোকে আপ্লুত কৰে । এই সমাৰোহত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভাস্কৰ চুতীয়া, উপাধ্যক্ষ দিতুল লাহনকে আদি কৰি প্ৰতিটো বিভাগৰ অধ্যাপক-অধ্যাপিকা সকলে অংশগ্ৰহণ কৰাৰ লগতে অনাতাঁৰ শিল্পী চিৰন্তন ভূঞা, শিল্পী অজিত দত্ত , শিল্পী আষ্টিয়ানা দিহীঙ্গীয়াৰ পিতৃ-মাতৃ আদি কৰি বিভিন্ন প্ৰান্তৰ বহু কেইজন গন্যমান্য লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Manipur Violence Updates: मणिपुर में जबरदस्त प्रदर्शन, पुलिस से झड़प | #manipur #manipurnews
Manipur Violence Updates: मणिपुर में जबरदस्त प्रदर्शन, पुलिस से झड़प | #manipur #manipurnews
સામાજિક ન્યાય સમરસ્તા સપ્તાહ તથા જ્યોતિબા ફૂલેજીની જન્મજયંતિના ઉજવણી કરાઈ
આજરોજ સુરેન્દ્રનગર ખાતે જીલ્લા ભાજપ અનુસૂચિત જાતિ મોરચા દ્વારા સામાજિક ન્યાય સમરસ્તા સપ્તાહ તથા...
ઉડતા નહિ, પણ ડ્રગ્સ પકડતા ગુજરાત
ડ્રગ્સ પકડાયું નથી, પકડ્યું છે: છેલ્લા એક વર્ષમાં રૂ. ૬,૫૦૦ કરોડના ડ્રગ્સ સાથે ૭૫૦ ગુનેગારો જેલના હવાલે
ગુજરાતમાં ડ્રગ્સ પકડવામાં 'ડ્રગ્સ રીવોર્ડ પોલિસી' ખૂબ મહત્વની સાબિત થઈ છે*
¤ *રાત દિવસ...
Jetpur News | જેતપુર: રાજકીય પક્ષોના બેનરો હોર્ડિંગ ઉતાર્યા | Jetpur Nagarpalika | Dpnews
Jetpur News | જેતપુર: રાજકીય પક્ષોના બેનરો હોર્ડિંગ ઉતાર્યા | Jetpur Nagarpalika | Dpnews
ડીસા મો આમ આદમી પાર્ટી ની જંગી જાહેર સભા યોજાઈ
ડીસા મો આમ આદમી પાર્ટી ની જંગી જાહેર સભા યોજાઈ