ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী অনুষ্ঠান আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্বনৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী প্ৰয়াত ঝগৰু গৌড়ৰ স্মৃতিত প্ৰথম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাখন শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিস্থিত মনোজুলি গুপশ্বৰ খেলপথাৰত যোৱা ৯ আগষ্টৰ,২০২২ তাৰিখে বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰা হয় ৷

এই ফুটবল প্ৰতিযোগিতাখনত মুঠ ১৬ টা আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰে ৷ যোৱা ৪ ছেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা হুগ্ৰাজুলি চাহ বাগিছা বনাম মনমোহিনীপুৰ চাহ বাগিছাই প্ৰতিদ্বন্দীতা আগবঢ়োৱা চূড়ান্ত খেলখনত পেনালটি শ্বুট আউটৰ জৰিয়তে ৪-৩ গলৰ ব্যৱধানত পৰাজিত কৰি হুগ্ৰাজুলি চাহ বাগিছা বিজয়ী হয় ৷

চূড়ান্ত বিজয়ী দলক ২০ হাজাৰ টকাৰ চেক আৰু ট্ৰফী প্ৰদান কৰে ITBP ৰ কামানডেন্ট ড° দীপক কুমাৰ পাণ্ডেই আৰু দ্বিতীয় শ্ৰেষ্ঠ দলক ১৪০০১ টকাৰ চেক আৰু ট্ৰফী প্ৰদান কৰে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱাই ৷ আনহাতে, চূড়ান্ত বিজয়ী দলৰ খেলুৱৈ সকলক সোণৰ পদক আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ খেলুৱৈ সকলক ৰূপৰ পদক প্ৰদান কৰে ক্ৰমে শোণিতপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰ আৰু আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্বনৰ অধক্ষ্য ডী কে চৌহানে ৷

এই‌ অনুষ্ঠানত সশস্ত্ৰ সীমা বল (SSB) ৰ কমাণ্ডেন্ট উমেশ থাপলিয়াল, সশস্ত্ৰ সীমা বল (SSB)ৰ উপ সেনানি ষ্টাফ ডাক্তৰ অজিৎ হেমৰমকে আদি কৰি বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে ।

চূড়ান্ত খেলখনৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থকা অতিথিসকলক আদিবাসী তথা চাহ জনগোষ্ঠীৰ পৰম্পৰাগত কলা সংস্কৃতিৰ জৰিয়তে আদৰণি জনোৱা হয় ৷

ঢেকীয়াজুলিৰ মনোজুলি অঞ্চলত খেলৰ পৰিৱেশ গঢ় দিয়াত আৰু সামাজিক ভাৱে আগুৱাই নিয়াৰ লগতে খেলৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাখনে বিশেষ সহায়ক হ’ব বুলি উপস্থিত সকলোৱে একেমুখে স্বীকাৰ কৰাৰ লগতে আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্বনে লোৱা পদক্ষেপৰ শলাগ লয় ৷