যোৰহাট জিলাৰ ১০০ নং তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা অতি ব্যস্ত গুৰুত্বপূৰ্ণ পথ হ'ল বৰহোলা-তিতাবৰ সংযোগী ন-আলি পথ ।উক্ত ২০ কিল'মিটাৰ দূৰত্বৰ পথছোৱাত দৈনিক শ শ যান-বাহন চলাচল কৰাৰ উপৰিও তিতাবৰৰ বিভিন্ন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানলৈ হাজাৰ হাজাৰ ছাত্র-ছাত্রী এই পথেদিয়েই দৈনিক আহ-যাহ কৰে ।
কিন্তু দুখৰ বিষয় যে মেৰামতিৰ অভাৱত পথটি দিনক দিনে বিধ্বস্ত হৈ পৰিছে,বখলা বখলে এৰাইছে পথটিৰ ব্লেকটপিং,ঠায়ে ঠায়ে দ গাঁতৰো সৃষ্টি হৈছে । ফলস্বৰূপে পথটিৰ মাজৰ দ দ গাঁতবিলাক এজাক বৰষুণতে পানীৰে উভৈনদী হৈ পুখুৰীৰ ৰূপ লোৱা পৰিলক্ষিত হয় । যাতায়াতৰ বাবে অনুপযোগী হৈ পৰা পথটিয়ে দুচকীয়া ,চাৰিচকীয়া বাহনৰ চালক ,ৰোগী আৰু সাধাৰণ যাত্ৰীসকলক প্ৰায় দুবছৰে দুৰ্ভোগ ভুগাই আহিছে । পথটিৰ এই শোচনীয় অৱস্থাই যিকোনো সময়তে পথ দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই আনিছে । সুচল যাতায়াত ব্যৱস্থাই বেপাৰ-বাণিজ্য আৰু অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায় । তেনেস্থলত ভগ্নপ্ৰায় পথসমূহৰ মেৰামতিৰ ব্যৱস্থা কৰিলেহে ৰাজ্যখনে উন্নতিৰ মুখ দেখিব । ভগ্নপ্ৰায় বৰহোলা-তিতাবৰ সংযোগী ন আলি বিধ্বস্ত পথছোৱাৰে আহ-যাহ কৰা ৰাইজে ভগ্ন ,দুৰ্বল যাতায়াতৰ বাবে অতিষ্ঠ হৈ পথছোৱাৰ শীঘ্ৰে মেৰামতি দাবী কৰিছে । তিতাবৰৰ বিধায়ক আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ,যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ লগতে লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক শীঘ্ৰে উক্ত পথছোৱাৰ উন্নয়ন সাধিবলৈ তিতাবৰ আৰু বৰহোলাবাসী ৰাইজে দাবী জনাইছে ।