ধেমাজি জিলাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান চিচিবৰগাওঁ মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়খনৰ দৰ্শন বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহখনি অনুষ্ঠিত কৰা হয় । পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হয় সমাৰোহৰ কাৰ্যসূচী । ইয়াৰ পিছতে মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ ছাত্র-ছাত্ৰীসকলে সমাৰোহত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক ফুলাম গামোচা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয় । বিভাগৰ প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিবেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে সজীৱ কৰি তোলে সমগ্ৰ পৰিবেশ । অনুষ্ঠানত দুই শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।