গোলাঘাট জানপাৰত এগৰাকী মহিলাৰ লগত মাৰপিটৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ পৰিয়ালৰ।

গোলাঘাট জানপাৰত এগৰাকী মহিলাক দুৰ্বৃত্তই ৰদেৰে মৰিওৱাৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন আজি ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ। গোলাঘাট জানপাৰত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। ধৰ্মেন্দ্ৰ দাস নামৰ এজন যুৱকক নিজতকৈ সৰু কেইজনমান যুৱকে কেইটামান টকা লোঁৱাৰ বাবে ক্ষমা খুজিব কোঁৱাত ক্ষমা কিয় খুজিলি বুলি ধৰ্মেন্দ্ৰ দাসে প্ৰশ্ন কৰাৰ বাবেই এটা ৬ জনীয়া যুৱকৰ দলে আহি ধৰ্মেন্দ্ৰ দাসৰ পত্নীক ৰদেৰে মৰিওৱাৰ ফলত সংকট জনক আবস্থাত আঘাতপ্ৰাপ্ত মহিলা গৰাকীক স্থানীয় লোকৰ সহযোগত গোলাঘাট শ্বহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা ইছিল যদিও চিকিত্সকে মহিলাগৰাকীৰ অৱস্থা অতি সংকট জনক প্ৰত্যক্ষ কৰাৰ পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আনফালে উক্ত ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীক ধৰ্মেন্দ্ৰ দাসৰ পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰাৰ পিচতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ধৰ্মেন্দ্ৰ দাসৰ মাতৃয়ে অভিযোগ উত্থাপন কৰে আজি সংবাদ মাধ্যমৰ আগত এই দৰে