গোলাঘাটৰ আঠগাও ৰাইজৰ সহযোগত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অভিনৱ প্ৰতিবাদৰ পিছত সষ্টম আৰক্ষী প্ৰশাসন জব্দ কৰিলে পাঁচ খনকৈ বালিভৰ্তি ডাম্পাৰ

গোলাঘাট জিলাৰ এটা গুৰুত্বপূৰ্ণ পথৰ বিদ্ধস্ত ৰূপে জীয়াতূ ভোগী থকা অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ সহযোগত এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছিল। জিলাখনৰ ফৰকাটিং চাৰিআলিৰ পৰা কছাৰীহাট পৰ্য্যন্ত কেইবাখনো গাঁৱক সংযোগ কৰা অকা আলি পথটোৰ সম্প্ৰতি জৰাজীৰ্ণ অৱস্থা। দৈনিক কেইবা শতাধিক যানবাহন চলাচল কৰা পথটো দীৰ্ঘদিনে মেৰামতি কৰাৰ ব্যৱস্থা নকৰা বাৱে দেওবাৰে স্থানীয় ৰাইজে লোকনিৰ্মাণ বিভাগৰ ফলশ্ৰুতিত জৰাজীৰ্ণ পথটোত দৈনিক সৰু বৰ দুৰ্ঘটনা সংঘটিত হয় থকাৰ অভিযোগ উত্থাপন কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছিল। অঞ্চলটোৰ পুৰুষ মহিলা সকলে হাতে হাতে জাকৈ খালৈ লৈ পথটোত সৃষ্টি হোৱা দ দ গাঁতসমূহত মাছ ধৰাৰ প্ৰতিকী প্ৰতিবাদ সাব্যস্ত কৰা লগতে অঞ্চলবাসীয়ে বিভিন্ন চৰকাৰ বিৰোধী ধ্বনি দি বহুসময় ধৰি উত্তাল কৰি ৰাখিছিল অকা আলিৰ পৰিবেশ।প্ৰতিবাদকাৰীসকলে কৰা অভিযোগ অনুসৰি অত্যাধিক বোজা কঢ়িয়াই অনা শিল,বালি,কয়লাৰ ট্ৰাকসমূহৰ সঘন চলাচলৰ বাবেই বিদ্ধস্ত হৈ পৰিছে গুৰুত্বপূৰ্ণ পথটো। পথটো মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অনুৰোধ জনোৱা স্বত্তেও অদ্যপি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কৰ্তৃপক্ষই। সেয়েহে ক্ষোভিত ৰাইজে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছিল ৰাজপথলৈ। এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি অতিশিঘ্ৰে গুৰুত্বপূৰ্ণ পথটো পুনৰ নিৰ্মাণ নকৰিলে ৰাইজে পথটোৰে যানবাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল।

এই প্ৰতিবাদৰ পিছতেই সষ্টম হোৱা পৰিলক্ষিত হল ফৰকাটিং আৰক্ষী প্ৰশাসন আৰু জব্দ কৰিলে পাঁচ খনকৈ বালি ভৰ্তি ডাম্পৰ।