বিসম্বাদী কংগ্ৰেছ কৰ্মী সকল AAP লৈ গৈছে, আকৌ কংগ্ৰেছত হব বৃহৎ খহনীয়া: মন্ত্ৰী যোগেন মহন

মৰাণত ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয় । মৰাণৰ তিলৈ নগৰ বহুমুখী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন আৰু মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ উপস্থিত থাকে । বিজেপিৰ খোৱাং আৰু লৰুৱা মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্য্যসূচীত কংগ্ৰেছ দলৰ বহু কৰ্মীয়ে বিজেপিত যোগদান কৰে ।