মঙলদৈ থানাত বাইকৰ উজান ।

থানালৈ ট্ৰাকে ট্ৰাকে আহিল বাইক ।

দৰঙৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত দৰঙৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা, মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতি, উপ পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰৰ তৎপৰতাত চলোৱা হৈছিল এই সফল অভিযান ।

অভিযানত 19 খন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

এণ্ডফিল আৰু পালচাৰ কে ধৰি আছে বহু দামী বাইক।

দৰং আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰ অনুযায়ী অৰুণাচলৰ দিৰাঙৰ পৰা ট্ৰাক ট্ৰাকে উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছে চুৰি বাইক। 

১৯ খন চুৰি বাইকৰ লগতে সাত জনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দৰং আৰক্ষী ।

মঙলদৈ থানাত ৰুজু হোৱা 

357/22 নম্বৰ কেচৰ ভিত্তিত ওদালগুৰিৰ পৰা ৰাজু দাস, মিন্টু বড়ো, ঢেকীয়াজুলিৰ বিনোদ বসুমতাৰীকে ধৰি সাত জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

তদন্ত বৰ্তমানো অব্যাহত আছে।