শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সভা সমষ্টি ভিত্তিত পোণ প্ৰথমবাৰৰ বাবে আয়োজিত প্ৰাক্তন প্ৰয়াত বিধায়ক ৰাজেন বৰঠাকুৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাই ইতিহাস সৃষ্টি কৰে।প্ৰতিযোগিতাখনিৰ ফাইনেল খেলখন হাতীবাৰী একাদশ আৰু নিজ গৰৈমাৰী একাদশৰ মাজত অনুষ্ঠিত হয় | ঘোঁৰামাৰীৰ মিনি ষ্টেডিযামত অনুষ্ঠিত খেলখনিত উপভোগ কৰিবলৈ উপস্থিত থাকে ১৫ হাজাৰতকৈও অধিক দৰ্শক। উত্তেজনাপূৰ্ণ খেলখনত ৪-০ গ'লত নিজ গৰৈমাৰী একাদশ চূড়ান্ত বিজয়ী হয় | ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীৰ পৃষ্ঠপোষকতাত বিগত এমাহ ধৰি চলা প্ৰতিয়োগিতাৰ বিজয়ী দলক নগদ এক লাখ টকা আৰু ট্ৰফীৰ লগতে বিজিত দলক নগদ ৫০ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰা হয় | আনহাতে বিধায়ক কৃষ্ণকমল তাঁতীয়ে জনোৱামতে উক্ত প্ৰতিযোগিতাখনিৰ পৰাই সমষ্টিটোৰ বহু যুৱ প্ৰতিভা চিনাক্ত কৰি পৰবৰ্তী সময়ত ৰঙাপৰা সমষ্টিৰ পৰা এটা ফুটবল দল গঠন কৰিব বুলি জানিব দিয়ে।প্ৰতিযোগিতা খনিত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা , বিধায়ক কৃষ্ণকমল তাঁতী , বিজেপিৰ জিলা সভাপতি বাটাচ ওৰাং , শোণিতপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জীতেন বৰঠাকুৰ উপস্হিত থাকে |