অসমৰ চাহ জনগোষ্ঠীক উদ্দেশ্যি ড৹ ভূপেন হাজৰিকাই তাহানিতে গাইছিল--""ঢাক ঢাক ঢাক ঢাক ঢাকেই বজালি,লাখ লাখ লাখ লাখ তহঁত থাকিও একো নেপালি" ।ব্ৰিটিছৰ শাসন কালতে চাহ বাগানত মজদুৰিৰ কামত ভাৰতৰ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ,উৰিষ্যা,ঝাড়খণ্ড,বিহাৰ আদি ৰাজ্যৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটা ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মানদণ্ড আজিও পুতৌ লগা । স্বাধীনতাৰ সাত দশক কাল উকলাৰ পাছতো তেওঁলোকৰ আৰ্থিক উন্নতি নহ’ল ,বিপৰীতে ৰ’দে-বৰষুণে দৈনিক অতি কম মজুৰিৰ বিনিময়তে বাগানত হাড় ভগা শ্ৰম পৰিয়াল পোহপাল দিবলৈ একপ্ৰকাৰ বাধ্য হৈ আহিছে ।বাগান অঞ্চলৰ শ্ৰমিকসকলৰ অসমীয়া গ্ৰামাঞ্চলৰ লোকসকলৰ সমান খেতি-বাতি নাই,ধান খেতিৰ বাবে ৰোপিত মাটিও নাই । বহুজনে দুই-একঠা মাটিতে যেনে-তেনে ঘৰ এটা নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰি আহিছে । সেয়েহে চৰকাৰী চাউলকণ নহ’লে পৰিয়ালৰ সৈতে তেওঁলোকৰ চলিবলৈ অভাৱ হয় । আধুনিক জীৱন ধাৰণ শৈলীৰ কথা নক’লোৱেই বা ।চাহ শ্ৰমিক মজুৰি উপদেষ্টা বোৰ্ডে নিৰ্দ্ধাৰণ কৰা মতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১.৩৩ টকা হব বুলি এসময়ত অসম চৰকাৰৰ শ্ৰম আয়ুক্তই মজুৰি উপদেষ্টা বোৰ্ডৰ বৈঠকত ঘোষনা কৰিছিল । কিন্তু চৰকাৰে এই ঘোষনা কাৰ্যকৰী কৰিবলৈ সদিচ্ছা প্ৰকাশ নকৰিলে ।
চাহ শ্ৰমিকসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ পৰিৱৰ্তন আজিও নহ’ল। চাহ শ্ৰমিকসকলৰ কৰ্মস্থলীও সুৰক্ষিত নহয় । শ্ৰমিকৰ বাবে বাগানৰ মাজত স্বাস্থ্যসন্মত অনাময় ব্যৱস্থাও নাই ।যাৰ ফলত মহিলা শ্ৰমিকসকল যথেষ্ট অস্বস্তিত পৰে । পৰাধীনতাৰ কালৰ পৰা আজিলৈকে একেই শোষণ-বঞ্চনাৰ বলি হৈ আহিছে চাহ শ্ৰমিকসকল । কম মজুৰিৰ ফলত সন্তানৰ শিক্ষা,পৰিয়ালৰ স্বাস্থ্য ৰক্ষা,খোৱা-বোৱা,পিন্ধন-উৰণ আদি নানা দিশত উদ্ভৱ হৈ অহা সমস্যাৰ সমাধানৰ বাবে চৰকাৰে অতি শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰা উচিত ।১৯৫১ চনতে বাগিচাৰ শ্ৰমিকসকলৰ প্ৰাথমিক কল্যাণমূলক সুবিধা, যেনে–যথাযথ গৃহ, শিশু যতন কেন্দ্ৰ, বিদ্যালয়, সাহায্যযুক্ত খাদ্যশস্য, প্ৰয়োজনীয় অনাময় আদি প্ৰদানৰ বাবে বাগিচা শ্ৰমিক আইন (Plantation Labour Act) প্ৰণয়ন কৰা হৈছিল অথচ আজি পৰ্যন্ত সাত দশক ধৰি এই আইনখন সামগ্ৰিকভাৱে বলৱৎ কৰা নহ’ল। অসমৰ চাহ বাগিচাসমূহত পৰ্যাপ্ত সংখ্যক প্ৰাথমিক মাধ্যমিক
বিদ্যালয় নথকাটো অতিশয় দুৰ্ভাগ্যজনক । ৰাজ্যখনৰ সামগ্ৰিক প্ৰসূতি মৃত্যুৰ ভিতৰত প্ৰথমবাৰৰ বাবে মাতৃ হ’ব লগা বেছিভাগ মহিলাই চাহ বাগানৰ। তাৎক্ষণিকভাৱে স্বাস্থ্যসেৱাৰ সুবিধাৰ অভাৱৰ বাবেই এনে মৃত্যু সংঘটিত হয়। অসমৰ ৭০ৰ পৰা ৯০ শতাংশ চাহ শ্ৰমিকেই ৰক্তহীনতা ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি সময়ে সময়ে পঢ়িবলৈ পোৱা যায় । অসমৰ চাহ বাগান সমূহত কৰ্মৰত প্ৰায় ১৭ শতাংশ চাহ শ্ৰমিকেই যক্ষ্মা ৰোগত আক্ৰান্ত হয় বুলি অভিযোগ উঠে । এই চাহ শ্ৰমিকসকলৰ বেছিভাগৰ যথাযথ স্বাস্থ্যসন্মত শৌচালয় নাছিল । সম্প্ৰতি চৰকাৰী অনাময় আঁচনিয়ে এওঁলোকক এই ক্ষেত্ৰত কিছু সকাহ দিছে ।
অসমৰ চাহ শ্ৰমিকসকলৰ এক বৃ্হৎ অংশৰ উচ্চ ৰক্তচাপৰ সমস্যা (hypertension) আছে আৰু প্ৰতি বছৰে এক বুজন সংখ্যক শ্ৰমিকৰ উচ্চ ৰক্তচাপ জনিত ষ্ট্ৰোক আৰু হাৰ্ট এটেকত প্ৰাণহানিও হৈ আহিছে ।এক অধ্যয়নত প্ৰকাশ পাইছে যে ধূমপান সেৱন, সুৰাপান, খাদ্যত অত্যধিক নিমখৰ পৰিমাণ আদি শ্ৰমিকসকলৰ উচ্চ-ৰক্তচাপৰ সমস্যা বৃদ্ধি পোৱাৰ কাৰণ।চাহ শ্ৰমিকসকল উচ্চ-ৰক্তচাপৰ দৰে ৰোগত আক্ৰান্ত হ’লেই চৰম বিপৰ্যয়ৰ সন্মুখীন হয়। বিশেষকৈ টকা-পইচাৰ সমস্যাই তেওঁলোকক বিমোৰত পেলায়। বেছিভাগ শ্ৰমিকৰে যিহেতু সাঁচতীয়া ধন নাথাকে, অসুখৰ কাৰণে এদিন কামলৈ যাব নোৱাৰিলেই তেওঁলোকৰ হাহাকাৰ লাগে। যিবোৰ পৰিয়ালত মাত্ৰ এজনেই উপাৰ্জনকাৰী শ্ৰমিক থাকে আৰু তেওঁ যদি এনে ৰোগত আক্ৰান্ত হয়, গোটেই পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰা হয়। আনহাতে, চিকিৎসাৰ বেলিকাও অৰ্থৰ অভাৱত তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হয়। যদিও প্ৰতিখন চাহ বাগিচাত একোখনকৈ চিকিৎসালয় থাকে, তাত ষ্ট্রোক বা হাৰ্ট এটাকৰ দৰে সমস্যাৰ চিকিৎসা কৰিব পৰাকৈ অত্যাধুনিক সা-সুবিধা নাই। গতিকে শ্ৰমিকৰ এইসমূহ সমস্যা দূৰ কৰিবলৈ চৰকাৰখনে প্ৰয়োজনীয় ব্যৱস্থা হাতত লোৱাটো সময়ৰ দাবী ।ৰোগীক প্ৰাথমিক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে চাহ বাগিচাৰ বহুতো চিকিৎসায়ত স্থায়ী নিয়মীয়া চিকিৎসক নাই।আসাম প্লানটেচন লেবাৰ এক্ট, ১৯৫৬ মতে চাহ বাগিচাৰ প্ৰতিখন চিকিৎসালয়ত এজন স্থায়ী চিকিৎসক থাকিব লাগে যদিও বেছিভাগ বাগিচাৰ কৰ্তৃপক্ষই এই আইন কাৰ্যকৰী
কৰা নাই।চাহ বাগিচাৰ মালিসকলে অসমৰ চাহ উদ্যোগ সংকটৰ সম্মুখীন হোৱাৰ দোহাই দি এই আইন কাৰ্যকৰী কৰাৰ পৰা বিৰত থাকে।
স্থানীয় বাগান হাস্পতালত পৰ্যাপ্ত চিকিৎসা সুবিধাৰ অভাৱত তেওলোকে বাগিচাৰ পৰা আঁতৰৰ নগৰৰ চিকিৎসালয়লৈ যাবলগীয়া হয়। কিন্তু যিবোৰ বাগান নগৰৰ হাস্পতালৰ পৰা দূৰৈত অৱস্থিত, তেনে বাগিচাৰ শ্ৰমিকসকল চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত চিকিৎসালয়লৈ যাব নোৱাৰে। কিয়নো বাগানৰ পৰা চিকিৎসালয়লৈ যোৱাৰ বাবে প্ৰয়োজন হোৱা গাড়ী ভাৰা, খোৱা-বোৱাৰ খৰচ তেওঁলোকে যোগাৰ কৰিব নোৱাৰে। সাধাৰণতে বাগিচাৰ হাস্পতালসমূহত এম্বুলেঞ্চৰ ব্যৱ্স্থা থাকিব লাগে যদিও বহুতো বাগিচাত এই ব্যৱস্থা নাই। আৰু থাকিলেও কেৱল জৰুৰী অৱস্থাতহে ব্যৱহাৰ কৰিবলৈ দিয়া হয় ।
অসমীয়া মানুহৰ বাবে চাহেই হৈছে গৌৰৱৰ প্ৰতীক। সমগ্ৰ ভাৰতত উৎপাদিত চাহৰ ৫০% ই অসমৰ।।অথচ অসমৰ চাহ শ্ৰমিকসকলৰ অৱস্থা অতি শোচনীয়। ৱৰ্ল্ড টেলিভিছন চেনেল বি বি চিত (BBC) প্ৰকাশ কৰা এক প্ৰতিবেদন অনুযায়ী অসমৰ চাহ বাগিচাৰ বাবে উৎপাদিত চাহৰ বজাৰ মূল্য যিমান তাৰ এক শতাংশতকৈও কম অৰ্থ বাগানৰ শ্ৰমিকসকলৰ সৰ্বমুঠ মজুৰিত খৰচ হয়। চাহ শ্ৰমিকসকলৰ ওপৰত চলাই অহা শোষণ-বঞ্চনাৰ ছবিখন ইয়াতেই প্ৰকট হয় ।
তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ৰাজহুৱা সেৱাৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰক ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ডিজিটেলভাৱে শক্তিশালী সমাজ আৰু জ্ঞান অৰ্থনীতিলৈ ৰূপান্তৰিত কৰাৰ দৃষ্টিভংগীৰে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী আৰম্ভ কৰিছে।ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীসমূহৰ ভিতৰত প্ৰতিজন নাগৰিকৰ বাবে এক মূল উপযোগিতা হিচাপে ডিজিটেল আন্তঃগাঁথনি তৈয়াৰ,নাগৰিকসকলক সেৱা প্ৰদানৰ বাবে এক মূল উপযোগিতা হিচাপে উচ্চ গতিৰ ইণ্টাৰনেটৰ উপলব্ধতা, নাগৰিকৰ ডিজিটেল সবলীকৰণ, ডিজিটেল আৰু বিত্তীয় ক্ষেত্ৰত নাগৰিকৰ অংশগ্ৰহণ সক্ষম কৰা মোবাইল ফোন আৰু বেংক একাউণ্ট, বিত্তীয় লেনদেন ইলেক্ট্ৰনিক আৰু নগদবিহীন কৰা , সাৰ্বজনীন ডিজিটেল সাক্ষৰতা,সাৰ্বজনীনভাৱে সুলভ ডিজিটেল সম্পদ সৃষ্টি অন্যতম। কিন্তু অসমৰ চাহ বাগিচা অঞ্চললৈ লক্ষ্য কৰিলে দেখা যায় যে সহজ-সৰল,দৰিদ্ৰ, চাহ বাগান অঞ্চলৰ পৰিসৰতে আৱদ্ধ চাহ শ্ৰমিকসকলক ডিজিটেল ইণ্ডিয়াই এতিয়াও ঢুকি পোৱা নাই ।চাহ বাগিচা অঞ্চলত কম্পিউটাৰ শিক্ষাৰ প্ৰচলন নগণ্য । পূৰ্বপুৰুষৰ শিক্ষাৰ দিশত সজাগতাৰ অভাৱৰ বাবে আৰু দৈনিক অতি কম উপাৰ্জনৰ ফলত শ্ৰমিক সকল আজিও নিৰক্ষৰ, অৰ্ধ শিক্ষিত আৰু আৰ্থিক দিশৰ সংকটৰ বাবেই ঘৰখনৰ বাবে বা সন্তানৰ বাবে আজিও এটা স্মাৰ্ট ফোন,কম্পিউটাৰ, লেপটপ আদি কিনাৰ সামৰ্থ্য নাই তেওঁলোকৰ ।ফলত তেওঁলোকে আৰু তেওঁলোকৰ স্কুললৈ যোৱা সন্তানেও ইণ্টাৰনেটৰ ব্যৱহাৰ আৰু প্ৰয়োগ নাজানে । বাগানৰ পাত ছিঙা কামৰ বাদে চাহ শ্ৰমিকৰ অন্য ব্যৱসায় বা কৃষিভূমিও নাই । দেখা যায় যে প্ৰত্যোকজন শ্ৰমিকৰ বেংক একাউণ্ট, এটিএম কাৰ্ড ইত্যাদি নাই । কাৰোবাৰ এটিএম থাকিলেও ব্যৱহাৰ কৰাত অপাৰগতা প্ৰকাশ কৰে । বেংক একাউণ্ট থাকিলেও একাউণ্টত থাকে সামান্য ধন ।বহু শ্ৰমিকে এটিএম কাৰ্ড, স্মাৰ্টফোনৰ অভাৱত নগদবিহীন লেন-দেনৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে আৰু GooglePay PhonPe ,BHEEM ইত্যাদি এপৰ মাধ্যমেৰে ইউ পি আই পদ্ধতিৰে ধন পৰিশোধ কৰিবলৈ সমৰ্থ নহয়। বাগিচাৰ শ্ৰমিকসকলৰ সন্তানৰ বাবে কম্পিউটাৰ শিক্ষাৰ কোনোধৰণৰ বিশেষ চৰকাৰী ব্যৱস্থা নাই ।বহু বাগিচাত এটিএম মেচিনেই নাই । শ্ৰমিকসকলৰ মজুৰি ধন নগদ হিচাপে হাতে হাতে দিয়া হয় বাবে তেওঁলোকে বেংকলৈ যোৱাৰ প্ৰয়োজনবোধেই নকৰে ।নগদ লেন-দেন ব্যৱস্থাত শ্ৰমিকৰ মজুৰি প্ৰদানত ধনৰ শৰাধ হোৱা দেখা যায় । খুচুৰা পইচাৰ অভাৱ দেখুৱাই প্ৰতিজন শ্ৰমিকৰ মুঠ মজুৰি ধনৰ পৰা দহ /পোন্ধৰ টকা আদায় দিয়া নহয় ।চাৰিশ/পাঁচশ শ্ৰমিক থকা বাগানত এনেদৰে কিমান টকা শৰাধ কৰা হয় সেয়া সহজে অনুমেয় ।মজুৰিৰ ধন পোনে পোনে বেংক একাউণ্টত জমা হ'লে এই অবৈধ শৰাধ ততালিকে বন্ধ হ'ব ।
চাহ শ্ৰমিকৰ ডিজিটেল সাক্ষৰতাৰ বাবে চৰকাৰৰ যথেষ্ট কৰণীয় আছে । চাহ শ্ৰমিকৰ সন্তানক বিনামূলীয়া কম্পিউটাৰ সাক্ষৰতা আঁচনিৰ অন্তৰ্ভুক্ত কৰা, শ্ৰমিকৰ দৈনিক মজুৰিৰ ধন বৃদ্ধি কৰা , স্নাতক পৰ্যায়লৈকে শ্ৰমিকৰ সন্তানৰ বিনামূলীয়া শিক্ষা লাভৰ ব্যৱস্থা কৰা,শ্ৰমিকৰ বাবে বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনি গ্ৰহণ ,শ্ৰমিকৰ বেংক একাউণ্টৰ ব্যৱস্থা কৰা, সকলো শ্ৰমিকক বিনামূলীয়া স্মাৰ্টফোন প্ৰদান, শ্ৰমিকৰ ভৱিষ্যনিধি ধনৰ সম্পূৰ্ণ প্ৰাপ্য আদায় দিয়া ইত্যাদি কাম চৰকাৰে কৰিব পাৰে ।
চাহ শ্ৰমিকৰ সমস্যাবোৰ সমাধান নোহোৱাকৈয়ে যুগ যুগ ধৰি সমস্যা হৈয়েই আছে। চাহ বাগানৰ এইসকল শ্ৰমিক শিক্ষা-দীক্ষাৰ অভাৱত সামাজিকভাৱে অৱহেলিত । তেওঁলোকৰ পৃথিৱীখন যেন চাহ বাগিচাৰ মাজতে আৱদ্ধ । অৱশ্যে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা উচ্চ শিক্ষিত বহু ব্যক্তি সংগঠনৰ নেতা, মন্ত্ৰী-সাংসদ হোৱাৰ সত্ত্বেও জনগোষ্ঠীটোৰ শ্ৰমিকসকলে উন্নতিৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই । শ্ৰমিকৰ সমস্যা কেন্দ্ৰীক আন্দোলনৰপৰা নেতাৰ সৃষ্টি হৈছে আৰু জনগোষ্ঠীটোৰ মন্ত্ৰী-সাংসদসকলেও নিজ জাতিৰ লোকসকলকে প্ৰতাৰণা কৰি অহাৰ অভিযোগ পুৰণি।আজিও কেৱল ভোট বেংকৰ স্বাৰ্থত শ্ৰমিকসকলক ব্যৱহাৰ কৰি অহা হৈছে ।কেতিয়া উন্নতিৰ মুখ দেখিব চাহ শ্ৰমিকসকলে ?আজিৰ তাৰিখত সেয়া মাথো এক হুমুনিয়াহ উদ্ৰেককাৰী প্ৰশ্ন । চৰকাৰে চাহ-শ্ৰমিকৰ মজুৰি বৃদ্ধিৰে তেওঁলোককো সভ্যতাৰ পোহৰ দেখুৱাবনে? চাহ বাগিচাৰ নৱপ্ৰজন্ম শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে । মূলসুঁতিৰ অৰ্থৱান ,শিক্ষিত লোকসকলৰ সৈতে থকা ব্যৱধান শিক্ষাৰ পোহৰৰ দ্বাৰাই এদিন ওৰ পৰিব বুলি আশা কৰিব পাৰি ।