গোলাঘাটত প্ৰধানমন্ত্ৰী আৱাস আচঁনিৰ পৰা বঞ্চিত মহিলাৰ কাতৰ আহ্বান 

গোলাঘাটৰ জানপাৰ বৰ চাপৰিৰ এগৰাকী মহিলাই দীৰ্ঘদিন ধৰি কেৱল আশ্বাহত অতি কষ্টেৰে জীৱন অতিবাহিত কৰি অহা নিজ অসহ্য দুৰ্দশাৰ পৰা অতিষ্ঠ হৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান।

চাওক গোলাঘাট জাণপাৰৰ অন্তৰ্গত বৰ চাপৰি গুলামপত্তি এই ঘৰৰ অৱস্থা পঞ্চায়ত সভাপতি আৰু বিষয়াৰ গফিলতি বাবে এতিয়া এই দৰিদ্ৰ পৰিয়ালৰ ঘৰ বাৰিষা সময়ত বোকাময় হৈ পৰে।

দীৰ্ঘদিন PMAY ঘৰ প্ৰদান কৰা আশ্বাস দিয়া হৈছে যদিও বৰ্তমান এই দৰিদ্ৰ মহিলা গৰাকী অতি শোচনীয় অৱস্থাত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।

গোলাঘাটত পৰা পূৰ্ণ বৰাৰ ৰিপ'ৰ্ট