'জন হিত মে জাৰি' হৈছে ঘৰ,পৰিয়াল, সমাজৰ বাধা আঁতৰাই নিৰোধ বিক্ৰী কৰা প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী যুৱতীক লৈ নিৰ্মিত চিৰিয়াছ আৰু কমেডি ধৰ্মী এখন হিন্দী ছবি । ভাৰতৰ দৰে এখন বহুল জনসংখ্যাৰ দেশত নিৰোধৰ ব্যৱহাৰক মূল বিষয় হিচাপে লৈ জয় বসন্তু সিঙৰ দ্বাৰা পৰিচালিত আৰু ৰাজ শাণ্ডিল্য,শ্বান যাদৱৰৰ দ্বাৰা লিখিত,প্ৰযোজিত হাস্য-ব্যংগ,চিৰিয়াছ সংলাপযুক্ত চিনেমাখনে ইতিমধ্যে লাখ লাখ ভাৰতীয়ৰ মন মুহিবলৈ সক্ষম হৈছে ।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

     এগৰাকী নিবনুৱা যুৱতীয়ে চাকৰিৰ বাবে বহুতো সাক্ষাৎকাৰ দি অৱশেষত এটা নিৰোধ বিক্ৰী কৰা প্ৰতিষ্ঠানত চাকৰি পায় । দৈনিক নিৰোধ বিক্ৰীৰ সমান্তৰালকৈ ভাৰতৰ দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰা জটিল সমস্যাৱলী অনুধাৱন কৰি বহু পুৰুষ-মহিলাক নিৰোধৰ উপকাৰিতা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে সজাগ কৰে । কিন্তু যুৱতীগৰাকীয়ে বিয়া হৈ যোৱাৰ পাছত শহুৰেকৰ ঘৰৰ লোকে ,বিশেষকৈ শহুৰেকজনে এই চাকৰিক লৈ প্ৰচণ্ড বিৰোধিতা কৰে; আনকি এগৰাকী মহিলা হৈয়ো নিৰোধ বিক্ৰী কৰাৰ বাবেই পুত্ৰ-বোৱাৰীৰ বিবাহ বিচ্ছেদ পৰ্যন্ত কৰিবলৈ প্ৰস্তুত হয় শহুৰেকজন । ঘৰ পৰিয়াল,সামাজিক বাধা-নিষেধৰ মাজত নায়িকাই সন্মুখীন হোৱা সংগ্ৰামবোৰ অতিক্ৰম কৰি কেনেকৈ নিৰোধৰ দৰে অতিকে প্ৰয়োজনীয় জন্ম নিয়ন্ত্ৰক পণ্য এবিধৰ বিক্ৰেতা হিচাপে নিজৰ কৰ্ম দৃঢ়তাৰে আগবঢ়াই নিয়ে তাক ছবিখনত দেখুওৱা হৈছে। কাহিনীৰ বিভিন্ন অংশত হাস্যৰসৰো পয়োভৰ ঘটিছে ছবিখনত । এগৰাকী যুৱতী হৈয়ো আৰু এখন ঘৰৰ বোৱাৰী হোৱাৰ পাছতো সামাজিক দায়বদ্ধতাৰে নিৰোধ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা কাহিনী দেখুওৱা হৈছে ছবিখনত। এশ ত্ৰিশ কোটিৰো অধিক জনসংখ্যাৰ ভাৰতত বছৰি ডেৰ কোটিতকৈয়ো অধিক গৰ্ভপাতৰ ঘটনা ঘটে ,যিবোৰ অনাকাংক্ষিত গৰ্ভধাৰণ নিৰোধৰ ব্যৱহাৰৰ দ্বাৰা ৰোধ কৰিব পৰা যায় । নিৰোধ পুৰুষৰ বাবে এক গৌণ প্ৰয়োজন মাথো কিন্তু এগৰাকী নাৰীৰ শাৰীৰিক ,মানসিক সুস্থিৰ স্বাস্থ্যৰ বাবে ই অতিকৈ প্ৰয়োজনীয় দ্ৰব্য । এনেধৰণৰ অনাকাংক্ষিত গৰ্ভধাৰণ,গৰ্ভপাত সম্বন্ধীয় বহুতো সজাগতাৰ বাৰ্তাৰে আৰু নাৰীৰ সুস্থ সবল দৈহিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰি চিনেমা খনৰ সংলাপ লিখা হৈছে । চিনেমাখনত নায়িকাগৰাকীয়ে সমাজত বাস কৰা নাৰীৰ জীৱন উন্নত কৰাৰ দিশত নিজৰ সুৰক্ষা বাৰ্তা মহিলা সমাজৰ সন্মুখত দাঙি ধৰে । স্বাস্থ্য সুৰক্ষাৰ গুৰুত্ব বুজাই দিয়ে আৰু নিজৰ চাকৰিৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্য আৰু শহুৰেকৰ পৰা অহা প্ৰতিৰোধ আৰু সামাজিক তাচ্ছিল্যৰ সৈতে মোকাবিলা কৰে।চিনেমাখনত অভিনয় কৰিছে নুশ্ৰত ভাৰুচা, পৰিতোষ ত্ৰিপাঠী,বিজয় ৰাজ,ব্ৰিজেন্দ্ৰ কালা, শান যাদৱ, টিনু আনন্দ আদিয়ে । ।২০২২ চনৰ জুন মাহত অ' টি টি প্লেটফৰ্ম Zee5ত ১২ কোটি বাজেটেৰে নিৰ্মিত ১৪৬ মিনিট দৈৰ্ঘ্যৰ চিনেমাখনে মুক্তি লাভ কৰিছে ।