শিক্ষক দিৱসৰ দিনটোতে এগৰাকী ব্যতিক্ৰমী শিক্ষয়িত্ৰী উপাৰাণী শইকীয়াৰ আদৰ্শনীয় কৰ্মৰাজিৰ কাহিনী । খুমটাইৰ চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয়ত সুদীৰ্ঘ ৩০ টা বছৰে শিক্ষাদান কৰি অহা উপাৰাণী শইকীয়া নামৰ জেষ্ঠ শিক্ষয়িত্ৰী গৰাকী হৈ পৰিছে আদৰ্শ । যোৱা ৬ টা মাহৰ পূৰ্বেই চৰকাৰী নিৰ্দেশনা অনুসৰি অৱসৰ ল'লে শিক্ষয়িত্ৰী গৰাকীয়ে । অৱসৰৰ পিছতো কিন্তু বৰ্তমানেও দৈনিক বিদ্যালয়লৈ আহি পাঠদান কৰি আছে শিক্ষয়িত্ৰী গৰাকীয়ে । ছাত্ৰ-ছাত্ৰীসকলৰ মোহ এৰিব নোৱাৰি অৱসৰৰ পিছতো যোৱা মাৰ্চ মাহৰ পৰা বিনা বেতনে শিক্ষাদান কৰি আহিছে উপাৰাণী শইকীয়াই।