অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ফুটবল খেল প্ৰতিযোগিতা।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সোণাৰি আঞ্চলিক সমিতিৰ সৌজনত আৰু জবকা,কৈলাশ নগৰ,আৰু খামলুং শাখা সমিতিৰ উদ্যোগত ১৫ আগষ্ট স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল খন খামলুং অফ.চি আৰু সাপেখাটী এফ. চি দলৰ মাজত চুৰান্ত খেল খন হৈ যায়। উক্ত খেলখন খামলুং এফ. চি দলে জয় লাভ কৰে। আজিৰ অনুষ্ঠিত খেলখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলাৰ সা:সম্পাদক লংকেশ্বৰ গগৈ,উপ-সভাপতি চুজিত বৰা,প্রচাৰ সম্পাদক মুনু ৰহমান ,লগতে সোনাৰী আঞ্চলিক সমিতিৰ সভাপতি জিতু দত্ত,সা:সম্পাদক ময়ুৰেছ পৰাশৰ,যুটীয়া সম্পাদক আচিফুৰ ৰহমান বৰা,চফিকুল ৰহমান,শাখা সমিতিৰ সমুহৰ সভাপতি সম্পাদকৰ লগতে বিষয়ববীয়া সকলো উপস্থিত থাকে।