চিলাপথাৰত এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ উত্তেজনা, চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ ৰাইজৰ

ধেমাজিৰ চিলাপথাৰৰ সমীপৰ কুলামুৱা বঙালী গাঁৱৰ এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ উত্তেজনাৰ সৃষ্টি হৈছে । ধেমাজি অসামৰিক চিকিৎসালয়ৰ ডঃ টিকেন্দ্ৰজিত টাইড নামৰ প্ৰসূতি বিভাগৰ চিকিৎসকজনৰ ভুল চিকিৎসাৰ বাবেই বোৱাৰীগৰাকীয়ে কৰুণ অকাল মৃত্যুক সাৱটি ল'বলগীয়া হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি কুলামুৱা বঙালী গাঁৱৰ ৰাজীৱ দুৱৰা নামৰ লোকজনৰ আজিৰেপৰা প্ৰায় দুই বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ২১ বছৰীয়া পত্নী প্ৰণীতা গগৈ দুৱৰাক যোৱা ২ চেপ্টেম্বৰত সন্তান জন্ম দিবৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল । কালি চিকিৎসালয়খনৰ প্ৰসূতি বিভাগৰ টিকেন্দ্ৰজিত টাইড নামৰ চিকিৎসকজনে মহিলাগৰাকীক ছিজাৰিয়ান কৰি এটি পুত্ৰসন্তান জন্ম দিয়ে যদিও অস্ত্ৰোপচাৰৰ প্ৰায় এঘণ্টাৰ পিছতেই হঠাতে সংকটজনক হৈ পৰাত ততাতৈয়াকৈ ডিব্ৰুগড়লৈ নিয়ে যদিও পথতে মহিলাগৰাকীৰ মৃত্যু হয় । মহিলাগৰাকীক চিকিৎসকজনে ভুল অস্ত্ৰোপচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । আনকি মহিলাগৰাকীক অক্সিজেন দিয়াৰ নামত এটা খালি ছিলিণ্ডাৰ ব্যৱহাৰ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে । ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে চিকিৎসকজনক তৎকালে নিলম্বন কৰি চিকিৎসকগৰাকীৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে । অন্যথা তেওঁলোকে আন্দোলনৰ পন্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিছে ।