নিশা গোলাঘাটৰ যক্ষ্মা চিকিৎসালয়ৰ কাৰ্য্যলয়ত দুৰ্বৃত্তৰ তান্ডব। লন্ড ভন্ড কৰিলে কাৰ্য্যলয়ৰ বিভিন্ন সামগ্ৰী। নষ্ট কৰিলে বহু নথি পত্ৰ।

##কাৰ্যলয়টোত প্ৰবেশ কৰা দুৰ্বৃত্তই ভাং আৰু নিচাজাতীয় সামগ্ৰী সেৱন কৰি বহু সামগ্ৰী অনিষ্ট সাধন কৰিছে। পুৱা কাৰ্য্যলয়টো খোলাৰ পাছত হে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা।

##বৰ্তমান কাৰ্যলয়টোত আৰক্ষী উপস্হিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই ঘটনা সংঘটিত কৰা এজনো দুৰ্বৃত্ত। এতিয়া এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।