guwআজিৰ খবৰ, গুৱাহাটী, ১১ জুলাই, ২০২২ : কভিড -১৯ কেন্দ্ৰীক পৰিস্থিতিৰ বাবে দুটা বছৰ সম্পূৰ্ণ বন্ধ হৈ থকাৰ পাছত আন আন ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে পুনৰ নাট্যপ্ৰেমী ৰাইজৰ শুভাশীষ বিচাৰি আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজতিলক থিয়েটাৰেও ২২-২৩ নাট্যবৰ্ষৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। যোৱা দুটা বৰ্ষৰ বিৰতিৰ পাছত চলিত নাট্যবৰ্ষত ৰাজতিলক থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব বিশিষ্ট নাট্যকাৰ-পৰিচালক - অভিনেতা চম্পক শৰ্মাৰ তীক্ষ্ণ কলমৰ সৃষ্টি ‘মহিষাসুৰ' আৰু ‘গংগাজল'। ইতিমধ্যে দুয়োখন নাটকৰে প্ৰমো ভিডিঅ' মুকলি কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছে নাট্যদলটোৱে। আনহাতে, নাট্যকাৰ-পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মাৰ এক হৃদয়স্পর্শী কাহিনীৰে ৰাজতিলকৰ মঞ্চত চাবলৈ পাব ‘বিবাহ বার্ষিকী’। উল্লেখ্য যে ৰাজতিলকৰ মঞ্চত এইবাৰ অভিনয় কৰিব চম্পক শৰ্মা, সুদর্শন নায়ক, চন্দন ডেকা, মিতুল বালাজী, দুলাল শর্মা, হেমাংগ ৰাজ, উৎপল ঠাকুৰীয়া, প্ৰাঞ্জনা দত্ত, আকাশী বৰুৱা, লীজা বৰুৱা আৰু বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। আনহাতে পশ্চিম গুৱাহাটীৰ ৰাণী বজাৰৰ পৰা মাত্ৰ তিনি কিঃমিঃ নিলগৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নাৰগাঁওত থকা ৰাজতিলক থিয়েটাৰৰ স্থায়ী আখৰা গৃহত আজি মাংগলিক কাৰ্যৰ মাজেৰে আখৰাৰ শুভাৰম্ভ কৰে থিয়েটাৰ খনৰ প্ৰযোজিকা মধুমিতা বিশ্ব শৰ্মাই । এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত থিয়েটাৰখনত চুক্তিবদ্ধ হোৱা কেবাগৰাকী অভিনেতা - অভিনেত্ৰী , শিল্পী , কলা - কুশলী , আৰু সাংস্কৃতিক জগতৰ আমন্ত্ৰিত কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ৰাজতিলক থিয়েটাৰৰ সম্পাদক দীপক কলিতাই জনোৱা মতে ইতিমধ্যে নাট্যদলটোৱে চলিত নাট্যবৰ্ষৰ প্ৰায় ৭০ শতাংশ পেণ্ডেল বুকিঙৰ নিমন্ত্ৰণ লাভ কৰিছে । আখৰা কাৰ্যৰ শুভাৰম্ভ কৰাৰ পাছত অহা ১৫ আগষ্টৰ পাছত দৰ্শকৰ উপস্থিতিত আখৰা স্থানত মঞ্চত নাট প্ৰদৰ্শন কৰিব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મોરબી ના ધારાસભ્ય એ ગેકાયદેસર ડમ્પર ચાલકને પોલીસ હવાલે કર્યું
મોરબી ના ધારાસભ્ય એ ગેકાયદેસર ડમ્પર ચાલકને પોલીસ હવાલે કર્યું મોરબી તેમજ હળવદમાં અનેક ગેરકાયદેસર...
આટકોટ રોડ ઉપર આવેલ k.g.k. કારખાના નજીક મારામારી 2 લોકો ઇજાગ્રસ્ત, કારખાના કારીગરોએ મારે મારવાનો આરોપ
આટકોટ રોડ ઉપર આવેલ k.g.k. કારખાના નજીક મારામારી 2 લોકો ઇજાગ્રસ્ત, કારખાના કારીગરોએ મારે મારવાનો આરોપ
जिला कृषि विभाग की पहल पर चराई देव जिले के हर घर मे तिरंगा कार्यक्रम के तहत नुक्क्ड़ नाटक
चराई देव जिले के मथुरापुर में स्थित शंकर देव शिशु निकेतन के बच्चो द्वारा जिले में हर घर तिरंगा...
जिल्हा परिषद केंद्रीय प्राथमिक शाळा शाखा क्र. (01) उर्दू शालेय व्यवस्थापन शिक्षण समितीची स्थापना
जिंतूर /प्रतिनीधी
येथील नवीन शालेय व्यवस्थापन समितीचा पुनर्गठन कार्यक्रम
आज दिनांक...
Telangana Cabinet: CM रेवंत रेड्डी ने अपने पास रखा नगरपालिका और शहरी विकास मंत्रालय, किसे मिला वित्त विभाग?
हैदराबाद। तेलंगाना में नई सरकार का शपथ ग्रहण समारोह होने के बाद अब मंत्रियों का विभागों का...