ধেমাজি জিলাৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলৰ কেইবা ঠাইতো শনিবাৰে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই পৰিদৰ্শন কৰা পিছ মুহূৰ্ততেই অসম-অৰুণাচলৰ সীমান্তত ধেমাজি জিলাৰ পাণবাৰী, কেঁচাকাঠনিত হিংসাত্মক ঘটনা সংঘটিত হোৱা ঘটনাই সীমান্তৱৰ্তী অঞ্চলত চেঁপা উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে দেওবাৰে বিয়লি ৬ বজাত ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে৷ ধেমাজি জিলাৰ উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ লগতে জিলা প্ৰশাসনৰ বহুকেইগৰাকীৰ বিষয়া-কৰ্মচাৰী উপস্থিতিত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অসম-অৰুণাচল ৰাজ্য দুখনৰ মাজত ৩৬ খন গাঁৱৰ সমস্যাক লৈ এই বিবাদ সৃষ্টি হোৱা বুলি উল্লেখ কৰে। এই বিবাদমান গাঁওসমূহৰ বহুকেইটা অঞ্চল মন্ত্ৰীগৰাকীয়ে আজি দুদিনকৈ পৰিদৰ্শন কৰা বুলি সংবাদমেলত জানিবলৈ দি দুয়োখন ৰাজ্যৰ এই সীমাবিবাদ সমস্যা সমাধান কৰিবৰ বাবে দুয়ো ৰাজ্যৰ মাজত এখন ৰি’জনলে কমিটী গঠন কৰা হৈছে বুলি কয়৷ এই কমিটীৰ আলোচনা মৰ্মে তিনিখন জিলা ক্ৰমে ধেমাজি জিলাৰ ধেমাজি জিলা উপায়ুক্তই, অৰুণাচলৰ লওৱাৰ চিয়াং আৰু ইষ্ট চিয়াং জিলাৰ উপায়ুক্তই কেইদিনমানৰ ভিতৰত অঞ্চলসমূহ তদন্ত কৰি ইয়াৰ প্ৰকৃত জৰীপৰ তথ্য প্ৰেৰণ কৰাৰ পিছতেই অসম চৰকাৰে সীমাবিবাদৰ সম্পৰ্কে এক প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি সংবাদমেলত উল্লেখ কৰে৷ ১৯৫১ চনতে ভাৰত চৰকাৰৰ জৰীপ বিভাগে এই দুয়োখন ৰাজ্যৰ মাজত এটা সীমা নিৰ্ধাৰণ কৰি দিছিল যদিও এই নিৰ্ধাৰিত সীমাৰ কোনোদিনেও ৰাজ্য দুখনৰ মাজত প্ৰভাৱ নপৰিলে বুলি উল্লেখ কৰে৷ভাৰত চৰকাৰৰ জৰীপ বিভাগে এবাৰ সীমা নিৰ্ধাৰণ কৰি দিয়াৰ পিছতো ৰাজ্য দুখনৰ সীমান্তবাসী ৰাইজে আজি পৰ্যন্ত মানি লোৱা নাই৷ বছৰ বছৰ ধৰি চৰকাৰৰ কাৰ্যালয়তেই এতিয়াও নিৰ্ধাৰণৰ নথি-পত্ৰ জমা আছে যদিও সেই নথি-পত্ৰ কোনো কামতেই নাহিল বুলি কয়৷ ফলত দুয়ো ৰাজ্যৰ বাসিন্দাসকলে য’তেই যাৰ ইচ্ছা তাতেই তেওঁলোকৰ মাটি বুলি দাবী কৰাৰ ফলস্বৰূপেই ৰাজ্য দুখনৰ সীমা সমস্যা দিনক দিনে বৃদ্ধি পাই চূড়ান্ত ৰূপ পোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ দুয়োখন ৰাজ্যত বিবাদমানৰ মুঠ ৩৬ খন গাঁৱৰ ভিতৰত মন্ত্ৰীগৰাকীয়ে বিগত দুদিন ধৰি দুয়োখন ৰাজ্যৰ সেই অঞ্চলৰ বাসিন্দাসকলৰ পৰা সীমা সমস্যা সম্পৰ্কে বহু অভিযোগ-প্ৰতি অভিযোগ ইতিমধ্যে গ্ৰহণ কৰিছে বুলিও তেওঁ জানিলৈ দিয়ে৷ মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে জনায় যে সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলে সীমা বিষয়ক লৈ সৰ্বাধিক তেনেধৰণৰ আপত্তি দেখিলৈ পোৱা নাই যদিও সীমান্তৱৰ্তী অঞ্চলৰ পৰা প্ৰায় ২০/৩০ কিলোমিটাৰ নিলগৰ পৰা যোৱা লোকসকলেহে সীমাবিবাদৰ উত্তেজনাৰ সৃষ্টি কৰি এচামে পৰিবেশ বিনিষ্ট কৰাৰ চেষ্টা চলাইছে আছে বুলিও কয়৷ সীমাবিবাদ সমস্যাৰ বিষয়টো লৈ মীমাংসা কৰিবলৈ কোনটো দিশত বেছি গুৰুত্ব দি আগবাঢ়িছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কেৱল সীমা সমস্যাত পৰা ভুক্তভোগী লোকসকলে বিচৰা মতেই চৰকাৰে সমাধান কৰিবলৈ আগ্ৰহী বুলি কয়৷ ইপিনে, সংবামেলৰ আগে উপায়ুক্তৰ সভাকক্ষত অসম-অৰুণাচলৰ ৰি’জনেল কমিটীৰ এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, অৰুণাচলৰ প্ৰদেশৰ মন্ত্ৰী স্বাস্থ্য আৰু উদ্যোগ মন্ত্ৰীৰ লগতে অৰুণাচলৰ দুই বিধায়ক, অৰুণাচলৰ তিনিখন জিলাৰ উপায়ুক্তকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি ধেমাজি জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जगदीश गायकवाडला तत्काळ अटक करा; वंचित बहुजन आघाडीची चिपळूण पोलिसांकडे मागणी
चिपळूण: आंबेडकरी घराण्यावर बेताल वक्तव्य करणाऱ्या पनवेल येथील जगदीश गायकवाड यांचा चिपळूण...
AAJTAK 2 LIVE । WORLD CUP के लिए TEAM INDIA में किसे- किसे किया जाएगा शामिल? AT2 LIVE ।
AAJTAK 2 LIVE । WORLD CUP के लिए TEAM INDIA में किसे- किसे किया जाएगा शामिल?
જસદણ GIDCમાંથી સસ્તા અનાજનો જથ્થો ઝડપાયો, ભાજપના મહિલા સદસ્યના પતિનું ગોડાઉન
જસદણ GIDCમાંથી સસ્તા અનાજનો જથ્થો ઝડપાયો, ભાજપના મહિલા સદસ્યના પતિનું ગોડાઉન
वृक्षारोपण हेतु स्काउट गाइड ढोल की थाप के साथ पहुंचे लव कुश वाटिका
मुख्यमंत्री एवम शिक्षामंत्री राजस्थान सरकार के आह्वान पर राजस्थान राज्य भारत स्काउट एवं गाइड...
৮১ বছৰ পুৰণি এখন পতাকা সংৰক্ষণ মুক্তিযুঁজাৰু ঢকুৱাখনাৰ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ শিৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালে
দেশৰ স্বাধীতাৰ পূৰ্বেই ব্যৱহাৰ কৰা এখন পতাকা আজিও সযতনে সংৰক্ষণ কৰি থৈছে স্বাধীনতা সংগ্ৰামী,...