মুম্বাই, ৪ ছেপ্টেম্বৰ। টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ মৃত্যু। এক পথ দুৰ্ঘটনাত মৃত্যু হৈছে প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ। দেওবাৰে মুম্বাইৰ পালঘৰত পথৰ ডিভাইডাৰত তেওঁৰ বাহনখনে খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাই মিস্ত্ৰীয়ে। চাইৰাছৰ সৈতে আৰু আন চাৰিজন লোক আছিল।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

চাইৰাছ মিস্ত্ৰী আছিল ভাৰতীয় মূলৰ আটাইতকৈ সফল আৰু শক্তিশালী ব্যৱসায়ী পেলোঞ্জি শাপুৰজী মিস্ত্ৰীৰ পুত্ৰ। চাইৰাছ মিস্ত্ৰীৰ জন্ম আয়াৰলেণ্ডত হৈছিল। চাইৰাছ মিস্ত্ৰী আৰু আন চাৰিজন মুম্বাইৰ পালঘৰলৈ গৈ থকা সময়ত এই দুৰ্ঘটনাতো সংঘটিত হৈছিল। তেওঁৰ কোম্পানীৰ পৰিচালকে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে।

শ্বাপুৰজী পালনজী পৰিয়ালৰ অন্তৰ্ভুক্ত চাইৰাছ মিস্ত্ৰীক ২০১৬ চনৰ অক্টোবৰত টাটা গোটৰ অধ্যক্ষ পদৰ পৰা আৰু পিছত পাৰস্পৰিক বিবাদৰ বাবে পৰিচালক মণ্ডলীৰ পৰা অপসাৰণ কৰা হয়। মিস্ত্ৰী টাটাৰ ষষ্ঠজন অধ্যক্ষ আছিল। ৰতন টাটাই পদ ত্যাগ কৰাৰ পিছত মিস্ত্ৰীয়ে ২০১২ চনত কোম্পানীটোৰ দায়িত্ব গ্ৰহণ কৰিছিল। চাইৰাছ মিস্ত্ৰীৰ পৰিয়ালৰ টাটা চন্সৰ ১৮.৪ শতাংশ অংশীদাৰিত্ব আছে। টাটা চন্সৰ বোৰ্ডৰ পৰা পদত্যাগ কৰাৰ পিছত চাইৰাছ মিস্ত্ৰীয়ে শাপুৰজী পালোঞ্জি এণ্ড কোম্পানীৰ পৰিচালনা সঞ্চালক এমডি হিচাপে কাম কৰি আছিল।