নতুন দিল্লী, ৪ ছেপ্টেম্বৰ। দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছৰ হাল্লাবোল। মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেওবাৰে কংগ্ৰেছে আয়োজন কৰিলে হাল্লাবোল ৰেলী। বৃহৎ সংখ্যক লোক অংশগ্ৰহণ কৰিলে কংগ্ৰেছৰ এই ৰেলীত। ৰামলীলা ময়দানত স্থাপন কৰা হৈছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি বহু কংগ্ৰেছ নেতা বিশাল কাটআউট।
এই ৰেলীত অংশগ্ৰহণ কৰিবলৈ ৰাজস্থানৰ কোটাৰ পৰা অহা সন্দীপ পুৰোহিতে কয় যে মোদী চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা মূল্যবৃদ্ধি তুংগত উঠিছে। এই চৰকাৰখনে কেৱল উদ্যোগপতিসকলৰ স্বাৰ্থতহে কাম কৰি আছে। দিল্লীৰ বাসিন্দা তাহিৰে কয় যে মোদী চৰকাৰে দেশৰ গংগা-যমুনি তহজীবৰ বহু ক্ষতিসাধন কৰিছে। এই চৰকাৰখনে ক্ষমতাৰ বাবে দেশখন শেষ কৰিবলৈ চেষ্টা কৰিছে।