মৰাণৰ হিংৰিজান বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জীতেন দাসলৈ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা

চৰাইদেউ জিলাৰ চেপন (সোণাৰী) শিক্ষাখণ্ডৰ অন্তৰ্গত তথা মৰাণৰ হিংৰিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জীতেন দাস চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ মৰাণ সেউজপুৰ নিবাসী সমাজকৰ্মী, লেখক জীতেন দাসে ১৯৮৭ চনত গড়কোষ প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল ৷ পৰৱৰ্তী সময়ত ক্ৰমে খনিকৰ গড়বস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, ৰাঙলী টিফুক প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰা জীতেন দাসে ১৯৯৭ চনত মৰাণ হিংৰিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে আৰু বৰ্তমানলৈকে কৰ্মৰত হৈ আছে ৷ অবিভক্ত শিৱসাগৰ জিলাৰ পৰা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰা প্ৰাথমিক বিদ্যালয়ৰ একমাত্ৰ শিক্ষক জীতেন দাস এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাত মৰাণৰ লগতে হিংৰিজানবাসী উৎফুল্লিত হৈ পৰিছে ৷ শিক্ষকতাৰ লগতে দীৰ্ঘসময় বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত জীতেন দাস এজন সু-লেখকো ৷ জীতেন দাসৰ তিনিখন গ্ৰন্থ কৰ্মে "আমাৰ বিদ্যালয়, আমাৰ কাম", "সোণালী সময়ৰ সোণালী স্মৃতি" আৰু "চাহ বাগিচাত শিক্ষাৰ উত্তৰণত প্ৰত্যাহ্বান" প্ৰকাশ পাইছে ৷ তদুপৰি বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ লিখামেলা কৰা জীতেন দাসে ২০১৮ বৰ্ষত জিলাৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কাইলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া শিক্ষক দিৱসৰ কাৰ্যসূচীত অন্যান্য শিক্ষকৰ লগতে শিক্ষক জীতেন দাসক এই বঁটা প্ৰদান কৰা হ'ব ৷