দৰঙৰ দিপীলাত দেওবাৰে মুকলি কৰা হয় অত্যাধুনিক চিকিৎসা সেৱাৰ প্ৰতিষ্ঠান আৰোগ্য হেলথ্ কেয়াৰ ৷ ঐতিহাসিক খটৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তই উদ্বোধন কৰা আৰোগ্য হেলথ্ কেয়াৰত উন্নতমানৰ লেবৰেটৰী, আল্টাচাউণ্ড,ইচিজি আৰু ফাৰ্মাচীৰ সুবিধা উপলব্ধ হ’ব। জ্যেষ্ঠ সাংবাদিক জয়ন্ত কাকতিয়ে আঁতধৰা উদ্বোধনী অনুষ্ঠানত শৈল্য চিকিৎসা ডাঃ নেঞন হাইলং, মেডিচিন বিশেষজ্ঞ ডাঃ জয়শ্ৰী মেধি, স্ত্ৰী আৰু প্ৰসূতি বিশেষজ্ঞ ডাঃ মিতালী বৰ্মন,কৃতিকেল কেয়াৰ বিশেষজ্ঞ ডাঃ হিৰণ্য চহৰীয়া উপস্থিত থাকে ৷ আৰোগ্য হেলথ্ কেয়াৰত শৈল্য চিকিৎসা, মেডিচিন, স্ত্ৰীৰোগ আৰু প্ৰসূতি, শিশু আৰু নৱজাতক,কিডনী ষ্টন আদি ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা সেৱা আগবঢ়াব ৷
পশ্চিম দৰঙৰ দিপীলাত দেওবাৰে মুকলি কৰা হয় অত্যাধুনিক চিকিৎসা সেৱাৰ প্ৰতিষ্ঠান "আৰোগ্য হেলথ্ কেয়াৰ"
![](https://i.ytimg.com/vi/JQDdng-V9-g/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)