বৰহাটৰ বৰহাট হাবি (ৰেলপতি)পূজাবাৰী উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত বৰহাট ৰেলপতি পূজাবাৰী খেলপথাৰত চূড়ান্ত ফুটবল খেল সম্পন্ন।

বৰহাট হাবি ৰেলপতি পূজাবাৰী উদ্যোগত তথা ৰাইজৰ সহযোগত ৰেলপতি পূজাবাৰী খেলপথাৰত অনুষ্ঠিত হৈ থকা চবিন কিষাণ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা খন আজি সফল ভাবে সামৰণি পৰে।চূড়ান্ত খেলৰ আৰম্ভণিতে নকছাৰী ফুটবল দল বনাম বৰহাট নিউ হাই স্কুলৰ ফুটবল দলক নৃত্য শিল্পী সকলে ঝুমুৰ প্ৰদৰ্শনে আদৰণি জনায়। জিলা খনৰ ১৫টা দলে অংশগ্ৰহণ কৰা চূড়ান্ত খেলত নকছাৰী দলে বৰহাট নিউ হাই স্কুল ৩-০গ'লৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয়।