চৰাইদেউ জিলাৰ চেপনৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ‘মোৰ কাঠপেঞ্চিলৰ ছবি’ নামৰ এখন গ্ৰন্থ কালি নিশা মৰাণৰ পাহি অফচেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন বৰুৱাৰ মৰাণৰ বেজৰচুক বঙালী গাঁওস্থিত বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়৷ শিশু গ্ৰন্থকাৰগৰাকীৰ এশ বাৰগৰাকী মহৎ ব্যক্তিৰ ছবিসহ চমু জীৱনপঞ্জী সম্বলিত গ্ৰন্থখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ চেত্ৰীয়ে৷ উন্মোচনী ভাষণত সাংবাদিক চেত্ৰীয়ে বিশিষ্ট কবি, শিক্ষক ভূপেন গগৈৰ বাৰ বছৰীয়া পুত্ৰৰ এনে অসাধাৰণ প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰে৷ অনুষ্ঠানটোত মৰাণ মহকুমা সাংবাদিক মঞ্চৰ মুখ্য সম্পাদক যদুুনাথ পুৰী, বিশিষ্ট সমাজকৰ্মী ডাঃ ৰূপম কুমাৰ বৰুৱা, ‘টাইপা’ৰ কেন্দ্ৰীয় উপসভাপতি উত্তম দিহিঙীয়া, জ্যেষ্ঠ নাগৰিক ভৈৰব চন্দ্ৰ বৰুৱা, বকতা পাৰিজাত পূৰ্বজ্যোতি সংঘৰ সভাপতি লক্ষ্মীনন্দন বৰুৱা আৰু সম্পাদক ৰূপন বৰুৱা আৰু সমাজকৰ্মী তথা কবি নৃপেন বৰুৱাই বক্তব্য দাঙি ধৰি শিশু গ্ৰন্থকাৰ তথা বিশেষকৈ আজন্ম চিত্ৰশিল্পী গৰাকীৰ অদ্বিতীয় কামৰ শলাগ লয়৷ উদিয়মান কবি পঙ্কজ ফুকনে আঁত ধৰা অনুষ্ঠানটোত মানসী গগৈ বৰুৱা আৰু মৌচুমী বৰুৱা ৰাজমহনে কবিতা পাঠ কৰাৰ উপৰিও গীত পৰিৱেশন কৰে শ্যামলী বুঢ়াগোহাঁই দেউৰী আৰু নৱনিতা লেখাৰুৱে৷ উল্লেখ্য যে, বিখ্যাত বিজ্ঞানী, গণিতজ্ঞ, কণ্ঠশিল্পী, চিত্ৰকৰ, অভিনেতা, ৰাজনীতিক, সাহিত্যিক, ধৰ্ম প্ৰচাৰক, সমাজ সংগঠককে ধৰি বিশ্বৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিসকলৰ ছবি কেৱল কাঠপেঞ্চিলেৰে অংকন কৰা জাগৰণ গগৈয়ে বৰ্তমানলৈকে ছবি অংকনৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই বুলি তেখেতৰ পিতৃ ভূপেন গগৈয়ে অনুষ্ঠানটোত অৱগত কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મણિનગરમાં ત્રણ વર્ષથી એક ભાઈ બીજા ભાઈને રાખડી બાંધીને મનાવે છે રક્ષાબંધન
બે દીકરા અને બે દીકરાવાળા પરિવારજનો આ કન્સેપ્ટને અપનાવતા થયા
અમદાવાદ શહેરના મણિનગર ખાતે...
Kashmir Files is best cinematic expression of Kashmir pain : Chugh
Dec 05: BJP national general secretary, Tarun Chugh ,who is party incharge of J&K, on...
MCN NEWS| दारू पिऊन पतीने केली पत्नीला मारहाण वैजापूर पोलिस ठाण्यात गुन्हा दाखल
MCN NEWS| दारू पिऊन पतीने केली पत्नीला मारहाण वैजापूर पोलिस ठाण्यात गुन्हा दाखल
પાકિસ્તાનમાં હાલત કફોડી.! મફત ઘઉ નો લોટ વિતરણ દર્મીયન ભગદડ મચતા 11 ના મોત 60 થી વધુ ઘાયલ
પાકિસ્તાનમાં હાલત કફોડી.! મફત ઘઉ નો લોટ વિતરણ દર્મીયન ભગદડ મચતા 11 ના મોત 60 થી વધુ ઘાયલ