কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কুঠৰীত লোকনিৰ্মাণ বিভাগৰ দলং নিৰ্মাণত অনিয়ম।কাৰ্বি আংলং বন বিভাগে জব্দ কৰা শিল দলঙ নিৰ্মাণত ব্যৱহাৰৰ অভিযোগ।ৰংবংৱে বন বিভাগে জব্দ কৰা শিল অসাধু ব্যৱসায়ী আৰু ঠিকাদাৰে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ সৰবৰাহ কৰাৰ অভিযোগ AJYCP ৰ।বন বিভাগৰ লোকো জড়িত থকাৰ অভিযোগ সংগঠনটোৰ।উল্লেখ্যে যে ২০১৯ চনৰ ১২ এপ্ৰিলৰ পিছত অবৈধ শিল খননত নিষেধাজ্ঞা জাৰি কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে।