◆যোৰহাট জিলাৰ উদ্যোগত আজি যোৰহাট থিয়েটাৰ হ'লত অনুষ্ঠিত এক অনুষ্ঠানত আত্মসহায়ক গোটৰ সামূহিক সমল ব্যক্তিসকলক স্কুটি বিতৰণ কৰা হয়৷ "সখি এক্সপ্ৰেছ" আঁচনিৰ অধীনত জিলাখনত ২৭৩ গৰাকী সখী তথা আত্মসহায়ক গোটৰ মহিলা(সামূহিক সমল ব্যক্তি)য়ে আজি স্কুটি লাভ কৰিবলৈ সক্ষম হয়৷উল্লেখযোগ্য যে, আত্মসহায়ক গোট সমূহৰ সামূহিক সমল ব্যক্তি তথা যোগাযোগ ৰক্ষাকাৰী মহিলাসকলক উক্ত স্কুটী প্ৰদান কৰা হৈছে ৷ বিভিন্ন ক্ষেত্ৰত জড়িত আত্মসহায়ক গোটৰ এই মহিলাসকল কৃষি সখী, পশু সখী, বীমা সখী বেংক মিত্ৰ, জীৱিকা সখী আদি নামেৰে পৰিচিত৷
আজিৰ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণব কুমাৰ বৰা, অসম উদ্যোগীক উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পুজাৰী, জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷