দেওবাৰে তিনিচুকীয়াত টাকাম মিচিং পৰিন কেবাং (TMPK) ৰ তিনিচুকীয়া জিলা সমিতিৰ এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়  ।

তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত তিনিচুকীয়া উন্নয়ন প্ৰাধীকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানটোত জিলাখনৰ মিছিং জনগোষ্ঠীৰ শতাধিক উচ্চ আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই সংগঠনটোৱে ।

সম্বৰ্ধনা অনুষ্ঠানটোত টাকাম মিছিং পৰিন কেবাঙৰ বহুকেইগৰাকী কেন্দ্ৰীয় নেতাৰ লগতে জনগোষ্ঠীটোৰ বহুকেইগৰাকী সমল ব্যক্তিয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে উৎসাহিত কৰে ।