আন বছৰসমূহৰ দৰে এইবাৰো আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন কৰিলে 

কাজিৰঙাৰ বন কৰ্তৃপক্ষই৷ আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস উপলক্ষে ২৯ জুলাইত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাজিৰঙা-হুকুমা বিল সংৰক্ষণ ও উন্নয়ণ সমিতি, ডব্লিউ ডব্লিউ এফ, ভূমি, আৰণ্যক, ডব্লিউ টি আই, ইন্টাৰনেচনেল ফাণ্ড ফ’ৰ এনিমেল ৱেলফেয়াৰ আৰু দ্যা ক’ৰবেট ফাউণ্ডেচনৰ উদ্যোগত কাজিৰঙাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে দিৱসটি অনুষ্ঠিত কৰে৷ এই উপলক্ষে কণ-কণ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন কৰা হয়৷ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মুঠ তিনিটা শাখাত অনুষ্ঠিত চিত্ৰাংকণ প্ৰতিযোগিতাৰ পাছতেই অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সম্পৰ্কীয় বাৰ্তালাপ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাৰ দ্বাৰা বাঘৰ দৃশ্য-শ্ৰাৱ্য তথ্য চিত্ৰ প্ৰদৰ্শিত হয়৷ ইফালে, এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত একাংশ লোকক ডব্লিউ ডব্লিউ এফৰ তৰফৰ পৰা ক্ষতিপূৰণ প্ৰদান কৰে। তদুপৰি, কাজিৰঙাত দীৰ্ঘদিন ধৰি বিৰামহীন সেৱা আগবঢ়োৱা ৩৯ গৰাকী তৃণমূল পৰ্যায়ৰ বনকৰ্মীক প্ৰশস্তি পত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ ইপিনে, সাংবাদিক উত্তম শইকীয়া আৰু লেখক বুবুল শৰ্মাই আঁত ধৰা অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, বোকাখাতৰ মহকুমাধিপতি নেহা যাদৱ, বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈ, কাজিৰঙাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ, মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা উপস্থিত থাকে৷ অনুষ্ঠানতে চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰে।