টকা দিলেহে সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহে নেকি আৰক্ষী? বৰডুমচা আৰক্ষীৰ বিষয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক উমানন্দ মূদৈ মৰানে কিয় কলে?

টকা দিলেহে সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহে নেকি বৰডুমচা আৰক্ষী? 

কিয় এই অভিযোগ বৰডুমচা আৰক্ষীৰ বিৰুদ্ধে?

বৰডুমছা আৰক্ষীয়ে ড্ৰাগছ ব্যবসায়ীৰ পৰা টকা লৈ মুক্ত ভাবে বেহা কৰিবলৈ দিছে নেকি?

তিনিচুকীয়াৰ বৰডুমচা আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ শ-শ মহিলাৰ ।

অসম পুলিচ হায়-হায়, ড্ৰাগচ মাফিয়াক এৰেষ্ট কৰক" ধ্বনিৰে উত্তাল বৰডুমচাৰ আকাশ-বতাহ ।

ৰাজ্যত আৰক্ষীয়ে ড্ৰাগছ বিৰুধী অভিযান যিমানেই চলাই থাকিলেও কিন্তু সিমান্তৱৰ্তী অঞ্চলসমূহত বৰ্তমানেও আৰক্ষীৰ নাকৰ তলতেই মুকলিকৈ চলিয়েই আছে মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহা । তিনিচুকীয়া জিলা বিশেষকৈ অসম-অৰুণাচল সিমান্তৱৰ্তী পেঙেৰী, বৰডুমচা আদি অঞ্চলত অবৈধ মাদক দ্ৰব্যৰ সমান্তৰালকৈ চলিছে মাৰাত্মক তথা নিষিদ্ধ ড্ৰাগছ-কানিৰ ৰমৰমীয়া ব্যৱসায় । এনে দ্ৰব্য সেৱন কৰি পংগু হৈছে এই অঞ্চলৰ বহু নৱ-প্ৰজন্ম । আনকি মৃত্যু প্ৰজন্ত হৈছে কম বয়সীয়া স্কুলীয়া ছাত্ৰৰ । তাৰ পাছতো যেন গা নলৰে আৰক্ষী প্ৰশাসনৰ । 

আৰক্ষীয়ে এই অঞ্চলত ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হবনে?