চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে বহু দশকজোৰি চলি থকা সীমা বিবাদ নিস্পত্তিৰ ক্ষেত্ৰত অসম চৰকাৰে শেহতীয়াকৈ চুবৰিয়াৰাজ্য সমূহৰ সৈতে আলোচনা আৰম্ভ কৰাৰ সমান্তৰালকৈ সীমামুৰীয়া অঞ্চলসমূহো ক্ষেত্ৰপ্ৰৰিৰ্দশন কৰিছে। অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত নামচাই ঘোষণা পত্ৰৰ পাছত আজি দ্বিতীয় বাৰ দুয়োখন ৰাজ্যৰ মন্ত্ৰীয়ে যুটিয়া ভাৱে অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অসম অৰুণাচল সীমান্তবৰ্তী ৰাংৰিঙকান অঞ্চল পৰিৰ্দশন কৰি স্থানীয় ৰাইজ গাওঁবুঢ়া সকলৰ সৈতে মত বিনিময়ত অনুষ্ঠিত হোৱা আলোচনা কালত অসমৰ হৈ মন্ত্ৰী অতুল বৰাই তিনিচুকীয়া জিলা আৰু চাংলাং জিলাৰ সীমান্তৱৰ্তী বিবদমান এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতেও মত-বিনিময় কৰে। দুয়োখন ৰাজ্যৰ মাজৰ সীমা সমস্যাৰ ফলপ্ৰসূ সমাধান লাভৰ বাবে দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি দুখনৰ মাজত এখন বৈঠকো আজি আবেলি অনুষ্ঠিত হয়। এই আলোচনা কালত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, অৰুণাচল প্ৰদেশ বিধানসভাৰ উপাধ্যক্ষ টেচাম পংটে, অৰুণাচলৰ মন্ত্ৰী কামলুং মুচেং, অৰুণাচল প্ৰদেশৰ বিধায়ক লাইচাম সিমাই আৰু ফুসুম খিমচান, তিনিচুকীয়াৰ অভিভাৱক সচিব অনন্ত লাল জ্ঞানী, উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। আলোচনাৰ কালত অৰুণাচলৰ কেবাখনো বিতৰ্কিত গাঁৱৰ গাঁওবুঢ়াই কেৱল ৰাংৰিং কান গাঁওখনেই নহয় বৰ্তমান অসমৰ হাতত থকা জাগুন, মালৌপাহাৰ, লিডুৰ এক বৃহৎ অঞ্চল অৰুণাচলৰ বুলি মুকলিকৈ সভাত দাবী কৰে যদিও সমগ্ৰ বিতৰ্কিত বিষয়ৰ গাওঁ বা এলেকা সমূহৰ নাম নামচাই ঘোষণা পত্ৰত নথকাতো তাৎপৰ্য বহন কৰিছে। অৱশ্যে দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা সমিতিৰ অধ্যক্ষ সকলে আলোচনা কৰি অহা ১৫ ছেপ্তম্বৰ তাৰিখৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী তথা চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে। উল্লেখ যে অৰুনাচলৰ গাঁওবুঢ়া প্ৰমুখ্যে একাংশ দল সংগঠনে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চল নিজৰ বুলি দাবী কৰাৰ সন্দৰ্ভত অসম চৰকাৰে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইয়া লক্ষণীয় হোৱাৰ লগতে অসমৰ দল সংগঠন সমূহে কেনেধৰণৰ স্থিতি প্ৰকাশ কৰে সেইয়াও লক্ষণীয় হৈ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિયોદર માં પૂર્વ મુખ્યંત્રીશ્રી એ શું કહ્યું..?
દિયોદર માં પૂર્વ મુખ્યંત્રીશ્રી એ શું કહ્યું
પોલીસ કોન્સ્ટેબલે સાગર રક્ષક દળના સભ્યો સાથે ગેરવર્તણૂક કરી હોવાનો આક્ષેપ
ઘોઘામાં સાગર રક્ષક દળના સભ્યો સાથે પોલીસ કોન્સ્ટેબલે ગેરવર્તણૂક કરી હોવાનો આક્ષેપ
Chandrayaan-3: आज फिर बदली जाएगी चंद्रयान कक्षा, पृथ्वी के चक्कर लगाते हुए चंद्रमा की ओर बढ़ रहा अपना यान
बेंगलुरु, चांद से मिलने गया अपना यान उम्मीद के मुताबिक आगे बढ़ रहा है। चंद्रयान-3 की कक्षा फिर...
आखिर क्यों Yamaha RX100 के लॉन्च में हो रही देर, जानिए वजह
Yamaha RX 100 Launch Date पहली बार यमहा कंपनी ने Yamaha RX 100 को कंपनी ने साल 1985 में लॉन्च...
५ ऑगस्ट रोजी औरंगाबाद महानगरपालिका निवडणुकांची आरक्षण सोडत.
५ ऑगस्ट रोजी औरंगाबाद महानगरपालिका निवडणुकांची आरक्षण सोडत.