গাওঁৰ ৰাইজে এঘৰৰ গড়ালত সোমাই হাঁহ খাই থকা অৱস্থাত উদ্ধাৰ কৰে অজগৰটো

শুই থকা শিয়ালৰ ৰূপত বন কৰ্মী বিষয়া

বন বিভাগক আজগৰটো গটাবলৈ গৈ কোনো বিষয়া কৰ্মচাৰিক লগ নাপালে ৰাইজে

দীৰ্ঘদিন ধৰি জকাই সংৰক্ষিত বনাঞ্চলৰ বাঘ, অজগৰে ঘৰচীয়া পহুধন নিধন কৰি একপ্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।আজি পুৱা প্ৰায় ৮ বজাত জকাই বন খণ্ডৰ অন্তৰ্গত কলিয়নী ন-গাওঁত এঘৰ লোকৰ ঘৰত হাঁহ খাই থকা অৱস্থাত এটা প্ৰায় ১০ কেজি ওজনৰ এটা অজগৰ উদ্ধাৰ কৰে।স্থানীয় লোকে অজগৰটো উদ্ধাৰ কৰি বন বিভাগক গটাবলৈ যাই যদিও বিভাগৰ কোন বিষয়া কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নাথাকে।এতিয়া সচেতন লোকৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে বনাঞ্চল খনৰ দায়িত্বত থকা চৰকাৰী বিষয়া কৰ্মচাৰী সকলেই যদি এনেদৰে অতি গাফিলটি আৰু হেমহীৰে দায়িত্ব সম্পন্ন কৰে তেনে কেনেদৰে বনাঞ্চলৰ সম্পদসমূহ সুৰক্ষিত হৈ থাকিব।এনে বিষয়া কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে।।