অসম তথা উত্তৰপূৰ্বাঞ্চল পৰ্যটন তথা চহকী কলা সংস্কৃতিক বিশ্ববাসীৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্য থাইলেণ্ডৰ ৰাজধানী বেংককত আয়োজন কৰা হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। ২৯ জুলাইৰ পৰা অনুষ্ঠিত হোৱা এই ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ কেইবাগৰাকী মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়কৰ লগতে অসমৰো কেইবাগৰাকী মন্ত্ৰী, বিধায়ক বেংককত গৈ উপস্থিত হৈছে। এই ফেষ্টিভেল আয়োজনৰ যোগেদি বহু বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা যাব বুলি উদ্যোগতা সকলে আশা কৰিছে। কিন্তু পৰ্যটক সকল অসমলৈ আহি কিমান সন্তুষ্ট হব ইয়াকলৈ সন্দেহৰ অৱকাশ আছে। উজনি অসমৰ অন্যতম পৰ্যটন স্থলী চৰাইদেউ মৈদাম ক্ষেত্ৰৰ কাষত অৱস্থিত বৰ অসমৰ জনক আহোম ৰাজত্বৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামটো আজিও অনাদৃত অৱহেলিত অৱস্থাত আছে। একাংশ স্থানীয় লোকৰ কৱলত থকা মৈদামটোলৈ যাবলৈ নিৰ্মাণ কৰা পথটোকলৈ শেহতীয়াকৈ সৃষ্টি হৈছে বিতৰ্ক। নাজিৰা উন্নয়ন খণ্ডৰ অধীনৰ চুকাফা পঞ্চায়ত ৭ নং ৱাৰ্ডৰ হাবিগাঁওত অৱস্থিত মৈদামটোলৈ যাবৰাকৈ ৩,৬০,৫০০ টকা ব্যয় সাপেক্ষে ২০২১ চনত এটা পেৱাৰ্ছ ব্লকৰ ৰাস্তা নিৰ্মাণ কৰাৰ কাম হাতত লোৱা হৈছিল। কিন্তু মৈদামটোলৈ যোৱা পথটোৰ মাজত এজন ব্যক্তিৰ বাসগৃহ থকাৰ বাবে পথটোৰ নিৰ্মাণ সেই ঘৰটোৰ পৰ্যন্তহে সম্পূৰ্ণ কৰা হয়। কোনো বিদেশী পৰ্যটক বা স্থানীয় দর্শনাৰ্থীয়ে যদি স্বৰ্গদেউ চুকাফাৰ মৈদামটোলৈ যাম বুলি ভাবে তেন্তে তেওঁ সেই ব্যক্তিজনৰ বাৰীৰ মাজেদি যাব লগা হব। ইয়াৰ উপৰিও সংশ্লিষ্ট বিভাগৰ হেমাহীৰ বাবে মৈদামটো প্ৰায় বাৰ মাহেই হাবি জংঘলে আৱৰি থাকে। গতিকে এনে পৰিপ্ৰেক্ষিতত বেংককত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফলাফল কিমান লাভজনক হব সেয়া সহজেই অনুমান কৰিব পাৰি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધારી:- સામાન્ય બોલાચાલી માં જાનથી મારી નાખવાની ધમકી, પોલીસ ફરિયાદ નોંધાઈ
ચલાલાના ગોપાલગ્રામ ગામ ખાતે એક યુવક તેના મિત્ર સાથે બેસી વાતો કરતો હતો ત્યારે ગામના જ બે લોકોએ...
Cheapest Electronics in Guwahati/3000 টকাত Washing machine পাই ইয়াত🔥/
Cheapest Electronics in Guwahati/3000 টকাত Washing machine পাই ইয়াত🔥
Video Collaction :-...
उपखण्ड अधिकारी ने किया जलापूर्ति व्यवस्था का निरीक्षण
उपखण्ड अधिकारी, बून्दी दीपक मित्तल, अधिशाषी अभियंता, सहायक व कनिष्ठ अभियन्ता ने शनिवार को वार्ड...
ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাত আৱকাৰী বিভাগৰ অভিযান,১০ লক্ষাধিক টকাৰ সুৰা জব্দ#news #views #news
ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাত আৱকাৰী বিভাগৰ অভিযান,১০ লক্ষাধিক টকাৰ সুৰা জব্দ#news #views #news
ડીસાના જીઆઇડીસી વિસ્તારમાંથી શંકાસ્પદ ભેળસેળ યુક્ત મરચું ઝડપાયું હોવાની ઘટના સામે આવી
ડીસાના જીઆઇડીસી વિસ્તારમાંથી શંકાસ્પદ ભેળસેળ યુક્ત મરચું ઝડપાયું હોવાની ઘટના સામે આવી