নলবাৰী আৰু কামৰূপ জিলাৰ সংযোগী প্ৰধান যোগাযোগৰ পথ হল মৰোৱা কমলপুৰ গড়কাপ্তানি পথ৷উক্ত পথটো বিগত জুনমাহত হোৱা প্ৰলয়ংকৰী বানৰ বিধস্ত কৰিছিল৷আনকি দুয়ো জিলাৰ সীমাত অৱস্থিত এটি কালভাৰ্ট সম্পূৰ্ণ ৰূপে উটুৱাই নিছিল৷উক্ত ঠাইত এখন বাহৰ সাকোঁ দিছে যদিও সেইখনৰে যাতায়তৰ উপযুক্ত হোৱা নাই৷বিপদসংকুল ভাবে সাকোঁ খনৰে পাৰ হব লাগে৷ভূক্তভোগি ৰাইজে অনতিপলমে যাতায়তৰ সুচল কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক দাবী জনাইছে৷