সোণাৰিৰ সূচিকিৎসক প্ৰয়াত প্ৰদীপ কুমাৰ শ্যামৰ দক্ষিণ কোৰিয়াৰ বন্ধুৱে জনালে শ্ৰদ্ধাঞ্জলি
সোণাৰিৰ চলাপথাৰ শ্যাম গাঁৱৰ সুসন্তান প্ৰয়াত চিকিৎসক প্ৰদীপ কুমাৰ শ্যামক মৃত্যুৰ দুবছৰৰ পাছত শ্ৰদ্ধাঞ্জলি জনালেহি তেওঁৰ দক্ষিণ কোৰিয়াৰ বন্ধু কি চুক লিয়ে ৷ সমগ্ৰ চৰাইদেউ জিলাৰ জনসাধাৰনলৈ সমগ্ৰ জীৱন চিকিৎসা সেৱা আগবঢ়াই বিগত ১৭ ডিচেম্বৰ ২০২০ তাৰিখে আকস্মিক ভাৱে মৃত্যু সাৱতি লৈছিল ডাঃ প্ৰদীপ কুমাৰ শ্যামে ৷ নিজৰ কৰ্মস্থলী তথা পাছৰ পৰ্য্যায়ত স্থায়ী ঠিকনা হোৱা সোনাৰি নগৰত থাকি ডাঃ শ্যামে নিজৰ জন্মস্থান চলাপথাৰ শ্যাম গাঁৱক কেন্দ্ৰ কৰি বিভিন্ন সামাজিক কাম কাজ চলাই গৈছিল ৷ইয়াৰ ভিতৰৰে এটা আছিল দক্ষিণ কোৰিয়াৰ চেজং পাৰামিতা স্বেচ্ছাসেৱী সংগঠন আৰু চলাপথাৰ শ্যাম গাঁৱস্থিত নমো বুদ্ধাৰ সহযোগিতাত অঞ্চলটোৰ ৰাইজক দক্ষিণ কোৰিয়াৰ পৰম্পৰাগত আৰু এলোপেথিক চিকিৎসা প্ৰদান ,দুখীয়া লোকৰ বিনামূলীয়া "কেটেৰেক্ট" অপাৰেচন আৰু সাংস্কৃতিক বিনিময় আদি ৷ এই কাৰ্য্যসূচী সমুহৰ জড়িয়তে দক্ষিণ কোৰিয়াৰ চেজং পাৰামিতাৰ চেক্ৰেটৰী জেনেৰেল কি চুক লিৰ লগত প্ৰয়াত শ্যামৰ এক গভীৰ ভাতৃত্বসূলভ সম্পৰ্ক গঢ়ি উঠিছিল যদিও মৃত্যুৰ পাছত কভিড মহামাৰীৰ অনাকাংক্ষিত পৰিবেশৰ বাবে লি ভাৰতলৈ আহিব পৰা নাছিল। আজি ডাঃ শ্যামৰ মৃত্যুৰ দুটা বছৰৰ পাছত লি য়ে চলাপথাৰ শ্যাম গাঁৱলৈ আহি তেওঁৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ডাঃ শ্যামৰ সমাধিত এটি পাইন গছৰ পুলি ৰোপন কৰে ৷২০১১চনৰ পৰা মৃত্যুৰ সময়লৈকে সংস্পৰ্শত থাকি বন্ধু হৈ পৰা ডাঃ শ্যামৰ কথা ৰোমন্থন কৰি কি চুক লি আৱেগিক হৈ পৰে।