পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবে বিচনাত চতফটাই আছে নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত কোটালকুছি সঠা চুবুৰিৰ ১৪ বছৰীয়া কিশোৰ হীৰকজ্যোতি দাস৷পিতৃ পৰেশ দাসে দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰি পুত্ৰক উপযুক্ত চিকিৎসা কৰিব নোৱাৰি দিগবিদিগ হেৰাইছে৷সেয়েহে উপায়বিহীন পিতৃৰ লগতে মাতৃ মৰমী দাসে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ লগতে হৃদয়বান ৰাইজৰ ওচৰত সহায় ভিক্ষা মাগিছে৷ইচ্ছুক হৃদয়বান লোকে এছ বি আইৰ একাউণ্ট নং 35253323003 IFC No SBIN0005092 সহায় কৰিব পাৰিব৷অন্যথা 7896769305 ফোন নংত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ কাতৰে আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃ মাতৃয়ে৷