এটি ভূমিহীন দৰিদ্ৰ পৰিয়ালৰ কৰ্কট ৰোগীৰ বাবে অটল অমৃত কাৰ্ড বিচাৰি প্ৰধান মন্ত্ৰী, মুখ্যমন্ত্ৰীলৈ পত্ৰ।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
অসুস্থ পত্নীৰ চিকিৎসাৰ বাবে অটল অমৃত কাৰ্ড বিচাৰি প্ৰাৰ্থনা ।
ডিব্ৰুগড়ৰ AMCH ত অৱস্থিত কেঞ্চাৰ কেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা নাৰ্চিং গাঁৱ নিবাসী বিমল দাসৰ পত্নী স্বৰ্ণ দাস নামৰ মহিলাগৰাকী । আৰ্থিকভাৱে অতি দুৰ্বল হোৱাৰ বাবে মহিলাগৰাকীৰ চিকিৎসা কৰাটো অসম্ভৱ হৈ পৰিছে পৰিয়ালটোৰ বাবে । ভূমিহীন পৰিয়াল হোৱাৰ বাবেই চৰকাৰে প্ৰদান কৰা অটল অমৃত কাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
অটল অমৃত কাৰ্ডৰ বাবে ডিব্ৰুগড়ৰ অটল অমৃত কাৰ্যালয়ত যোগাযোগ কৰাত অন্যান্য নথি-পত্ৰ, যেনে ভোটাৰ কাৰ্ড, পেন কাৰ্ড, আৰু পাছপ’ৰ্টৰ আকাৰৰ ফটোৰ সৈতে ৰেচন কাৰ্ড/আয়ৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন কথা অৱগত কৰিলে । ইফালে ভূমিৰ খাজনা ৰচিদ অবিহনে আয়ৰ প্ৰমান পত্ৰ দিবলৈ অপাৰগ তিনিচুকীয়াৰ চক্ৰ কাৰ্যালয় । বছৰ বছৰ ধৰি ভাৰাঘৰত বসবাস কৰা পৰিয়ালটোৱে কেনেকৈ দিব খাজনা ৰচিদ ? কেয়াৰ হস্পিটেলত প্ৰায় ২২ দিন চিকিৎসাধীন হৈ থকা মহিলাগৰাকীক সহায়ৰ বাবে মহিলাগৰাকীৰ স্বামী কাষ চাপিল ডিব্ৰুগড়ৰ সমাজকৰ্মী তথা ব্যৱসায়ী আম্মাম উদ্দিন আহমেদৰ কাষত ।
আম্মাম উদ্দিন আহমেদে কিছু সাহাৰ্য প্ৰদান কৰাৰ লগতে বিষয়টি চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আগবঢ়াই দিলে । প্ৰধান মন্ত্ৰী, মূখ্যমন্ত্ৰী, মূখ্য সচিৱ আৰু সশ্লিষ্ট কৰ্তৃপক্ষলৈ আবেদন জনালে বিমল দাসে। ১৩ বছৰীয়া নাবালক পুত্ৰৰ সৈতে অসুস্থ পত্নীক হাস্পতালৰ বিচনাত আৰ্থিক সাহাৰ্য বিচাৰি ঘূৰি ফুৰিবলগীয়া হৈছে স্বামীয়ে । শীঘ্ৰে আৰ্থিক সাহাৰ্য লাভ নকৰিলে চিকিৎসা অবিহনে ৰোগীয়ে প্ৰান হেৰুওৱাৰ শংকা । চৰকাৰৰ লগতে হৃদয়বান লোকৰ সহায় বিচাৰিছে অসহায় পৰিয়ালটিয়ে।