টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানৰ আজি তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীৰ মুকলি সভাত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাৰ শিক্ষাৰ ধাৰণাটোকে সলনি কৰিছে। নতুন শিক্ষা নীতিত বহুমুখী পাঠ্যক্ৰম হব যাৰ বাবে আমাৰ বিজ্ঞান, বাণিজ্য আৰু কলা শাখাৰ মাজত থকা বাধাৰ প্ৰাচী খন ভাঙি দিয়া হব। অসমৰ ইতিহাসত কোনো এখন চৰকাৰে শিক্ষাৰ নামত ইমান বৃহৎ পুঁজি ব্যয় কৰাৰ নজিৰ নাই যিমান পুঁজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ব্যয় কৰিছে। অতি সোনকালে মহাবিদ্যালয়ত নতুন পদ সৃষ্টি কৰা হব বুলিও ভাষণ প্ৰসংগত মন্ত্ৰী ডঃ ৰণোজ পেগুৱে উল্লেখ কৰে। তদুপৰি বিদ্যাঞ্জলী আঁচনীলৈ বৰ্তমানলৈকে ৰাইজে সঁহাৰি জনায় ১১ হাজাৰ খন চিলিং ফেন দান হিচাপে লাভ কৰিছে। সেয়ে প্ৰতিজন নাগৰিকৰ , অভিভাৱকৰ আৰু প্ৰাক্তন ছাত্র ছাত্ৰীয়ে এই আঁচনীলৈ সঁহাৰি জনোৱাতো দায়িত্ব আৰু কতব্য বুলি সদৰী কৰি সহায় কৰিবলৈ আহ্বান জনায় ।১৯৭২ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয় খনৰ এই সোণালী ইতিহাসৰ পঞ্চাশ বছৰীয়া স্মৃতি ৰোমন্থনৰ বাবে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা টিংখাং মহাবিদ্যালয়ৰ সোণালী জযন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানৰ আজি মুকলি সভাখন উদ্বোধক হিচাপে উপস্থিত থকা শিক্ষা মন্ত্ৰী গৰাকীয়ে অনতিপলমে টিংখাং সমষ্টিৰ উচ্চ শিক্ষাৰ একমাত্ৰ চৰকাৰী শিক্ষা অনুষ্ঠান খনলৈ চৰকাৰে অনুমোদন জনোৱা বিজ্ঞান শাখাটো কাৰ্যকৰী ব্যৱস্থা কৰাৰ লগতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰি টিংখাং বাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ।মন্ত্ৰী তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি বিমল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাতখনত আদৰণি ভাষণ আগবঢ়াই সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জীৱেশ্বৰ মহনে। সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মৌচুমী গগৈ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, অসম চাহ জনজাতি ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহ লাজাৰ নন্দ ডিব্ৰুগড় বিদ্যালয় সমূহৰ পৰিদৰ্শক দিপীকা চৌধুৰী আদি উপস্থিত থাকি ভাষণ আগবঢ়াই। সমাৰোহ আজি তৃতীয় দিনৰ পুৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।
টিংখাং মহাবিদ্যালয় সোণালী জয়ন্তী সমাৰোহত শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগু।নতুন শিক্ষা নীতিত বিজ্ঞান, বাণিজ্য আৰু কলা শাখাৰ মাজত নাথাকিব কোনো বাধাৰ প্ৰাচী ।
 
   
  
  
  
   
   
  