মৰাণত সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ ৩২ তম অধিৱেশনৰ প্ৰস্তুতি
১৯৯১ ত জন্মলাভ কৰা সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ ৩২ তম অধিৱেশন খন এই বাৰ মৰাণত অনুষ্ঠিত হ'ব । এই উপলক্ষে যোৱা২আগষ্টত মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুৰূপা বৰাৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে মৰাণ শাখা মহিলা কৰ্মচাৰ্ৰী সন্থাৰ সম্পাদিকা জ্যোতি দেউৰীয়ে । সভাত ভাষণ আগবঢ়ায় সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ প্ৰাক্তন কাৰ্যকৰী সভানেত্ৰী দীপালী শইকীয়া দত্ত, মৰাণ মহাবিদ্যালয় অধ্যক্ষা ড° মিতালী কোঁৱৰ, মৰাণ শাখা মহিলা কৰ্মচাৰী সন্থাৰ সভানেত্ৰী ড° মামণি ফুকন বৰগোহাঁই, সন্থাৰ বিষয় ববীয়া আইভিলতা চুতীয়া, নীলিমা তালুকদাৰ, চিত্ৰলেখা গগৈকে মুখ্য কৰি কেইবাগৰাকীও মহিলা কৰ্মচাৰীয়ে । সভাই অহা ১০ আৰু ১১ ডিচেম্বৰত মৰাণ কণিষ্ট মহাবিদ্যালয়ত উক্ত অধিৱেশন খন পতাৰ সিদ্ধান্ত লয় । উক্ত সভাতে ড° মামণি ফুকন বৰগোহাঁইক সভানেত্ৰী, ড° নিশি বৰগোহাঁইক কাৰ্যকৰী সভানেত্ৰী, জ্যোতি দেউৰীক সম্পাদিকা, বিজু শইকীয়া আৰু উৰ্মিমালা আৰন্ধৰাক সহ সম্পাদিকা হিচাপে লৈ ২১ জনীয়া এখন অভ্যৰ্থনা সমিতি গঠন কৰে ।