দৰঙত ৭ খন বিদ্যালয় চামিলকৰণৰ সীদ্ধান্ত চৰকাৰৰ ৷

এশ শতাংশ উৰ্ত্তীণ বিদ্যালয়কো চামিলকৰণৰ সিদ্ধান্ত শিক্ষা বিভাগৰ ৷

বিদ্যালয় চামিলকৰণ লৈ প্ৰতিক্ৰিয়া অভিভাৱক ,ছাত্ৰছাত্ৰীৰ ৷

বিশেষকৈ দিপীলা আঞ্চলিক চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়খন চামিলকৰণক লৈ প্ৰতিক্ৰিয়া ৷

চামিলকৰণৰ সীদ্ধান্ত বাতিল নকৰিলে ৰাজপথত আন্দোলনৰ হুংকাৰ অভিভাৱকৰ ৷

চামিলকৰণ বাতিল নকৰিলে ছাত্ৰছাত্ৰী য়ে এৰিব পঢ়া শুনা ৷

প্ৰায় ১৩ বিঘা মাটিত ১৯৯০ চনত স্থাপিত দিপীলা চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়খনত সকলো সুবিধা থকাৰ উপৰিও প্ৰতি বছৰে ১০০ শতাংশ ছাত্ৰছাত্ৰী উৰ্ত্তীৰ্ণ হৈ অহাৰ পিছতো কিয় শিক্ষা বিভাগে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চামিলকৰণৰ সীদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ প্ৰশ্ন কৰিছে অভিভাৱক সকলে ৷