অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৩ ছেপ্তেম্বৰ তাৰিখে দিনৰ ১০ বজাত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক প্ৰাঞ্জল শৰ্মা । ড° বুঢ়াগোহাঁয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান , বাণিজ্য শাখা বা বৃত্তিমুখী (vocational) যিকোনো শাখাতে শিক্ষা কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে বিষদ বাখ্যা আগবঢ়ায় । কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে শিক্ষাৰ্থীসকলক প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । তেওঁ বাতৰি কাকত পঢ়াৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে। আনজন সমল ব্যক্তি প্ৰাঞ্জল শৰ্মাই ছাত্র-ছাত্রীসকলৰ হবি(hobby)বোৰে জীৱন-জীৱিকাত কেনে গুৰুত্ব ভূমিকা পালন কৰে তাৰ বিষয়ে আলোচনা কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ উপলক্ষে টীয়ক আৰক্ষীৰ সজাগতা ৰেলী
স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ উপলক্ষে টীয়ক আৰক্ষীৰ সজাগতা ৰেলী
Reliance का शेयर कहां जाएगा? ब्रोकरेज का जानिए अनुमान
Reliance का शेयर कहां जाएगा? ब्रोकरेज का जानिए अनुमान
Rajasthan Election 2023: Jaipur पहुंचे Sonia Gandhi और Rahul Gandhi, जीत की रणनीति होगी तैयार | News
Rajasthan Election 2023: Jaipur पहुंचे Sonia Gandhi और Rahul Gandhi, जीत की रणनीति होगी तैयार | News
Breaking News: West Bengal के झाड़ग्राम से BJP सांसद कुनार हेम्ब्रम ने छोड़ी पार्टी | Aaj Tak
Breaking News: West Bengal के झाड़ग्राम से BJP सांसद कुनार हेम्ब्रम ने छोड़ी पार्टी | Aaj Tak