লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহচক্ৰৰ অন্তৰ্গত  অৰুনাচল সীমান্তৰ বিবদমান অঞ্চল গুমটৌ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ ৷ লখিমপুৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগত লৈ বিবদমান অঞ্চলটোত উপস্থিত হৈ অৰুনাচল চৰকাৰৰ শিক্ষামন্ত্ৰী আৰু এগৰাকী বিধায়কৰ লগত সীমা সমস্যাটোৰ ওপৰত আলোচনাত মিলিত হয় ৷ অঞ্চলটো পৰিদৰ্শন কৰাৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় দুয়োখন ৰাজ্যৰ হাতত থকা তথ্য প্ৰমান পৰীক্ষা কৰাৰ অন্তত স্থানীয় বাসিন্দাৰেমতামত গ্ৰহণৰ অন্তত সীমা সমস্যা সমাধানৰ ব্যৱস্থাত আগবাঢ়িব দুয়োখন চৰকাৰ ৷