সোণাৰিত পোষণ মাহ উপলক্ষে সজাগতামূলক কাৰ্যসূচী।

অন্যান্য ঠাইৰ লগতে সোণাৰিতো যোৱা এক চেপ্তেম্বৰৰপৰা আৰম্ভ কৰা হৈছে পোষণ মাহৰ বিভিন্ন কাৰ্যসূচী। পোষণ মাহ উপলক্ষে আজি সোণাৰিত অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত গ্ৰহণ কৰা হয় বিশেষ কাৰ্যসূচী। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰপৰা অংগনবাড়ী কৰ্মীসকলে সমদল বাহিৰ কৰা পাছত সোণাৰি নগৰত বাটৰ নাট প্ৰদৰ্শন কৰে। আনহাতে অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত শিশু আৰু গৰ্ভৱতী মাতৃৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য প্ৰদৰ্শন কৰি ইয়াৰ গুণাগুণ সন্দৰ্ভত বিতংকৈ আলোচনা কৰে ।