ছিপাঝাৰৰ পাথৰিঘাট ৰাজহ চক্ৰত উৎকোচ লৈ বিপদত কেৰাণী।

কেৰাণী মনিন্দ্ৰ ডেকাই লৈছিল উৎকোচ।

EWS প্ৰমাণ পত্ৰৰ নামত লৈছিল ১হাজাৰ টকাৰ উৎকোচ।

পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্হাৰ কেইজনমান সদস্যই পোহৰলৈ আনে বিষয়টি।

উৎকোচ লৈ EWS Certificate দিব পৰা নাচিল কেৰাণী মনিন্দ্ৰ ডেকাই।

ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কেৰাণীক জৱাবদিহী কৰিলে ছাত্ৰ সন্থাৰ সদস্যসক‌লে।

 উৎকোচ লোৱা ধন উভতাই দিবলৈ বাধ্য হয় কেৰাণী মনিন্দ্ৰ ডেকাই।

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংঘটিত এই ঘটনাৰ কি তদন্ত হয় সেয়া হ'ব লক্ষণীয়।

ইয়াৰ উপৰিও পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংঘটিত অৰাজকতা আৰু কেতবোৰ অনিয়মৰ কথা ব্যক্ত কৰে ছাত্ৰ সন্থাৰ সদস্যসক‌লে।