ধেমাজি পাঁচআলিত জীয়াধল আঞ্চলিক ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক অধিৱেশন আৰু বিশেষ অভিনন্দন অনুষ্ঠানৰ সফল সামৰণি

বৃহস্পতিবাৰে ধেমাজি জামুগুৰি পাঁচআলি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত জীয়াধল আঞ্চলিক ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক অধিৱেশন আৰু বিশেষ অভিনন্দন অনুষ্ঠানৰ শুক্ৰবাৰে সফল সামৰণি পৰে।

বৃহস্পতিবাৰে পুৱাৰ পৰা অনুষ্ঠিত হোৱা অধিৱেশনখনি বন্তি প্ৰজ্বলন, শ্বহীদ বেদিত স্মৃতি তৰ্পণ, পতাকা উত্তোলন, প্ৰতিনিধি সভা, মুকলি সভাৰ, পিছতেই অসমৰ উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী সান্নিধ্য ভূঞাৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয়। 

উল্লেখ্য যে ধেমাজিৰ উদীয়মান কণ্ঠশিল্পী গৌতম কোঁৱৰ, ৰাখিস্মিতা গগৈ ৰ সংগীতানুষ্ঠানৰ পিছতেই শুক্ৰবাৰে পুৱা অনুষ্ঠানৰ সফল সামৰণি পৰে।