আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীৰ পৰা কলা ধন লৈ মুক্তভাবে বেহা চলাবৰ বাবে চকু বন্ধ কৰি ৰাখিছে নেকি?
মাতৃ সকল চিন্তিত হৈ পৰিছে সন্তানৰ ভৱিষ্যতক লৈ।
দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছৰ প্ৰচলন ।
ড্ৰাগছৰ গৰাহত পৰি ধ্বংস হবলৈ ধৰিছে ছাত্ৰ লগতে সমাজ।
তিনিচুকীয়াৰ বৰডুমচা আৰক্ষীক লৈ সন্দেহৰ আঙুলি স্থানীয় ৰাইজৰ।
ড্ৰাগছ ব্যৱসায়ীৰ পৰা ধন লৈ মুক্ত ভাবে বেহা চলাবৰ বাবে চকু মুদা কুলিৰ ভাও ধৰিছে আৰক্ষীয়ে। অভিযোগ ৰাইজৰ। বৰডুমচা থানা ঘেৰাও কৰি প্ৰতিবাদ।
উল্লেখ্য যে যোৱা কিছুদিন পূৰ্বে ড্ৰাগছ ৰ বেজী লৈ মৃত্যু মুখত পৰিছিল এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ।
সঁচাই আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা পালন কৰিছে নেকি?
আৰক্ষীয়ে ধন লৈ মাদক দ্ৰব্যৰ ব্যৱসায়িক মুক্ত ভাবে বেহা চলাবৰ বাবে অনুমতি প্ৰদান কৰি আহিছে নেকি?
কি হব ইয়াৰ পৰবৰ্তী পদক্ষেপ? বৰডুমচাত চলি থকা ড্ৰাগছৰ ঘাটি উৎখাত কৰি সেই অঞ্চলত সুস্থ বাতাবৰণ সৃষ্টি কৰিবৰ বাবে আৰক্ষীয়ে কি ব্যবস্থা গ্ৰহণ কৰিব?